বাক্সাৰ শালবাৰীৰ নিমুৱাত আক্ৰাছুৰ উদ্যোগত চিলাৰায় দিৱসৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 5:52 PM IST

thumbnail

বাক্সা, 19 ফেব্ৰুৱাৰী : 24 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি পালন কৰা হ’ব মহাবীৰ চিলাৰায় জয়ন্তী ৷ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই দিৱস ৷ বাক্সাৰ শালবাৰীৰ নিমুৱাত আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই দিৱস ৷ চিলাৰায় দিৱস পালন সন্দৰ্ভত শালবাৰীৰ নিমুৱাত আজি এক সংবাদমেল সম্বোধন কৰে আক্ৰাছুৰ বাক্সা জিলা সমিতিয়ে ৷

24 ফেব্ৰুৱাৰীত নিমুৱাত আক্ৰাছুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত, নিমুৱা আক্ৰাছুৰ সহযোগত বীৰ চিলাৰায়ৰ 561 সংখ্যক জন্ম জয়ন্তী পালন কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷ এই দিৱসৰ অনুষ্ঠানত অসমৰ লোক সংস্কৃতি, পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন, মুকলি সভা, বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান, আদি অনুষ্ঠিত কৰাৰ কথা উদযাপন সমিতিয়ে সংবাদমেলত অৱগত কৰে ৷ সংবাদমেলত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কপিল দেৱ সিংহ উপস্থিত থাকি বীৰ চিলাৰায়ৰ জন্মজয়ন্তীৰ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰে ৷  
 

লগতে পঢ়ক : ৰঙিয়াৰ বিছেন্নালাত জী-জোঁৱাই সন্মিলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.