যোৰহাটৰ গন্ধীয়া মিচিং গাঁৱত আলি আয়ে লৃগাঙৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 5:59 PM IST

thumbnail

যোৰহাট, ১১ ফেব্ৰুৱাৰী: আলি আয়ে লৃগাঙত অতিথিক আদৰিবলৈ সাজু মিচিং জনগোষ্ঠীয় সমাজ । গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত ডেকা-গাভৰু ৷ লগতে ঐনিতমৰ সুৰত মুখৰিত মৰিয়নীৰ গন্ধীয়া মিচিং গাঁৱৰ আকাশ-বতাহ । ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ মিচিংসকল সাজু হৈছে তেওঁলোকৰ প্ৰাণস্পন্দন স্বৰূপ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ বাবে । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলে পালন কৰিব তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । বুধবাৰৰ দিনটো তেওঁলোকৰ বাবে শুভদিন হিচাপে বিশ্বাস কৰি আহিছে ।  

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ মৰিয়নীৰ গন্ধীয়া মিচিং গাঁৱত আলি আয়ে লৃগাঙৰ ব্যাপকভাৱে প্ৰস্তুতি চলোৱা হৈছে । কাৰণ ভূমিপূত্ৰ মিচিং জনজাতীয় ৰাইজৰ হেঁপাহৰ লৃগাঙলৈ মাজত মাথোঁ কেইটামান দিন । এইকেইদিন ব্যস্ততাৰ অন্ত নাই মিচিং ডেকা গাভৰুসকলৰ । লৃগাঙলৈ বুলি মতলীয়া হৈ পৰিছে ডেকা-গাভৰু । লৃগাঙৰ দিনা অতিথিক অপ্যায়নৰ বাবে পৰঃ আপং আৰু নগজিং আপং প্ৰস্তুত কৰাত ব্যস্ত গাঁওখনৰ মহিলাসকল । লগতে গাঁৱৰ খেলপথাৰত গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত ডেকা গাভৰুসকল । 

লগতে পঢ়ক: সমাগত আলি আয়ে লৃগাং, ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা-গাভৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.