সমাগত আলি আয়ে লৃগাং, ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা-গাভৰু
Preparations for Ali Aye Ligang: চাওঁতে চাওঁতে আহি পালেহি ফাগুন । শিমলু, মদাৰ আদি ফুলেৰে ৰঙালী হৈ পৰিছে আকাশ । গুমৰাগ, ঐনিতমৰ সুৰেৰে আকাশ, বতাহ মুখৰিত হৈ পৰিছে অসমৰ অন্যতম ভূমিপুত্র তথা নৈপৰীয়া মিচিং জনবসতিপূৰ্ণ গাঁৱসমূহ । কঁকালত টঙালী বান্ধি মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আয়ে লৃগাঙক আদৰিবলৈ ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে মিচিং গাঁৱসমূহত ।

Published : February 9, 2024 at 11:29 AM IST
জোনাই, 9 ফেব্ৰুৱাৰী: গাভৰু প্ৰকৃতিৰ আঁচল খহাবলৈ আকৌ পালেহি নিলাজ ফাগুন । মায়াময় ফাগুনৰ পৰশত, শীতৰ ঠেৰেঙা জাৰত উৰি যায় নঙঠা গছৰ বেজাৰো । তেনেহেন সময়তে শিমলু, মদাৰ, কম্বং ফুলৰ ৰঙে ৰঙীয়াল কৰি তোলে পৃথিৱীক । এনেহেন বতৰতে অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিংসকলে সাজু হৈ উঠিছে মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাঙক আদৰিবলৈ ।
কাৰণ ফাগুনৰ প্ৰথমটো বুধবাৰত মিচিংসকলে পালন কৰে মিচিংসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং । বুধবাৰৰ দিনটোত মিচিংসকলে বিশ্বাস কৰি আহিছে শুভদিন হিচাপে । সেইবাবে ফাগুনৰ প্ৰথমটো বুধবাৰত মিচিংসকলে পালন কৰে আলি আয়ে লৃগাং । অন্যান্য প্রান্তৰ লগতে ধেমাজি জিলাৰ জোনাইৰ গাঁৱে গাঁৱে মিচিংসকলে আলি আয়ে লৃগাঙক আদৰিবলৈ চলাইছে ব্যাপক প্রস্তুতি ৷
মিচিং মহিলা, গাভৰুসকলে আলি আয়ে লৃগাঙলৈ বুলি এনেদৰে ঘৰে ঘৰে বা ৰাজহুৱাকৈ পঃৰ আপং অর্থাৎ চাইমদ প্রস্তুত কৰাত ব্যস্ত । কাৰণ আলি আয়ে লৃগাং বুলিলে পোৰা গাহৰিৰ মাংস আৰু শুকান মাছ আদাৰা পিহি পঃৰ আপং অৰ্থাৎ চাইমদ নিজেও খোৱাৰ লগতে অপ্যায়ন কৰিব আলহী বা আপোনজক । সেইবাবে কি পুৰুষ, কি মহিলা সকলোৱে এতিয়াৰ পৰাই নৈ, বিল, পুখুৰী আদি সমূহৰ পৰা মাছ মাৰি শুকুৱাই ৰখাত ব্যস্ত হৈ পৰিছে ।
ইফালে মিচিংসকলৰ প্ৰাণস্পন্দনস্বৰূপ আলি আয়ে লৃগাঙৰ আগমণে জোনাইৰ প্রান্তে প্রান্তে আনন্দত মতলীয়া হৈ পৰিছে মিচিং ডেকা-গাভৰু, আদহীয়া-বোৱাৰী, বৃদ্ধ-বৃদ্ধাৰ পৰা শিশুলৈ । আলি আয়ে লৃগাঙৰ গুমৰাগ চঃমানতে মিচিং ডেকা-গাভৰুৰ ওঠৰ পৰা অভিৰামে নিগৰিব ঐনিতম আৰু প্রেম, বিৰহ, বেদনাবোৰ নিগৰিব কাবান হৈ । হয়, সেয়ে মিচিংসকলৰ বাবে আলি আয়ে লৃগাং মানেই ফাগুন আৰু ফাগুন মানেই আলি আয়ে লৃগাং ।
লগতে পঢ়ক: ঐনিতম-গুমৰাগ নৃত্যৰে জীপাল ঢকুৱাখনা

