বটদ্ৰৱা থানৰ মাটি লৈ ৰামৰাইকুটি সত্ৰলৈ প্ৰদ্যুৎ বৰদলৈ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 8:16 PM IST

thumbnail

নগাঁও,৩ ফ্ৰেব্ৰুৱাৰী: গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থানৰ ভূমি, আকাশীগংগাৰ পানী আৰু ধৰ্মপুথি লগত লৈ দেওবাৰে ধুবুৰীৰ ৰামৰাইকুটি সত্ৰলৈ ৰাওনা হ'ব নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদ পুঁজিৰ ধনেৰে বিশেষ অনুমতি লৈ সাংসদগৰাকীয়ে ৰামৰাইকুটি সত্ৰত নিৰ্মাণ কৰিছে এটি গুৰুগৃহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা ৰামৰাইকুটি সত্ৰখন ১৫৫৭ চনতে স্থাপন হৈছিল ।  

এই ৰামৰাইকুটি সত্ৰত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৰু গৃহটি সোমবাৰে কৰা হ'ব শুভ উন্মোচন । যাৰ বাবে বটদ্ৰৱা থানৰ ভূমি আৰু আকাশীগংগাৰ পানী লগত লৈ দেওবাৰে পুৱাই ৰামৰাইকুটি সত্ৰলৈ ৰাওনা হ'ব সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদগৰাকীৰ সৈতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱো ৰাওনা হ'ব ৰামৰাইকুটি সত্ৰলৈ । সোমবাৰে গুৰুগৃহৰ শুভ উন্মোচনৰ সময়ত নাম প্ৰসংগ কৰিব বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে । শনিবাৰে নগাঁও আৱৰ্ত ভৱনত এক সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ে অৱগত কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ সিদ্ধান্তই শেষ সিদ্ধান্ত: প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.