ETV Bharat / state

প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ সিদ্ধান্তই শেষ সিদ্ধান্ত: প্ৰদ্যুৎ বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:07 PM IST

Pradyut Bordoloi PC: নগাঁৱৰ বাদে আন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ নহয় প্ৰদ্যুৎ বৰদলৈ ! প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ সিদ্ধান্তই হ'ব শেষ সিদ্ধান্ত । INDIA ঐক্য বিজেপিৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান । নগাঁৱত সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ।

Pradyut Bordoloi react on Lok Sabha election candidature
প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈ
প্ৰাৰ্থীত্ব সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈ

নগাঁও,৩ ফ্ৰেব্ৰুৱাৰী: দীর্ঘসময়ৰ অন্তত বিজেপিৰ হাতৰ পৰা নগাঁও লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰাৰ্থিত্বক লৈ বৰ্তমান সৃষ্টি হৈছে এক প্রত্যাহ্বানৰ । লোকসভা সমষ্টিটোত কংগ্ৰেছী সাংসদ থকা স্বত্বেও সমষ্টি পুনৰনিৰ্ধাৰণ হোৱাৰ পিছতেই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনেও প্ৰাৰ্থিত্ব বিচাৰি দলৰ মজিয়াত আৱেদন কৰাৰ পিছৰ পৰাই ৰাজ্যৰ ৰাজনীতিত যথেষ্ট চৰ্চিত লোকসভা সমষ্টি হিচাপে বিবেচিত হৈছে নগাঁও লোকসভা সমষ্টি ।

সমষ্টিটোৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈক বঞ্চিত কৰাৰ বাবে দলৰেই একাংশ নেতাই নানা চক্ৰান্ত আৰম্ভ কৰা বুলিও চর্চা অব্যাহত থকাৰ মাজতে শনিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত প্ৰাৰ্থিত্বক লৈ মন্তব্য আগবঢ়াই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে বিগত নিৰ্বাচনত নিৰ্বাচিত হোৱা প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ বাদে আন কোনো সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্তৰ অটল থকাৰে বিষয়ে কৌশলী মন্তব্য়ৰে পুনৰ এবাৰ ইংগিত দিয়ে ।

এইক্ষেত্ৰত ক'বলগীয়া সকলো কথা ইতিমধ্যে দলৰ মজিয়াত অৱগত কৰা বুলি উল্লেখ কৰি দলৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে । ইপিনে শাসকীয় বিজেপি দলক প্ৰতিহত কৰাৰ লক্ষ্যৰে সৰ্বভাৰতীয় পৰ্যায়ত গঠিত INDIA ঐক্যমঞ্চই আগন্তক নিৰ্বাচনত বিজেপিৰ সন্মুখত শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ।

ইপিনে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ লাওখোৱা, আমবাগানত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অপদস্থ হোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কৌশলী উত্তৰ দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । পিছে নিজ সমষ্টিত পুনৰবাৰ সাংসদগৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়াব পাৰিবনে নোৱাৰে সেয়া সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:গুৱাহাটীত কা বিৰোধী সম্বন্বয় সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.