ETV Bharat / state

গুৱাহাটীত কা বিৰোধী সম্বন্বয় সমিতিৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 5:51 PM IST

Anti CAA Protest: পুনৰ আৰম্ভ হ’ল ‘কা’বিৰোধী আন্দোলন ৷ শনিবাৰে ‘কা’বিৰোধী সম্বন্বয় সমিতিয়ে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । উপস্থিত থাকে ড৹ হীৰেন গোহাঁই ৷

Anti CAA Protest
কা বিৰোধী সম্বন্বয় সমিতিৰ প্ৰতিবাদ
কা বিৰোধী সম্বন্বয় সমিতিৰ প্ৰতিবাদ

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: পুনৰ আৰম্ভ হ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন । কা বাতিলৰ দাবীৰে ‘কা’বিৰোধী সম্বন্বয় সমিতিয়ে আৰম্ভ কৰিলে প্ৰতিবাদ । গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰি যিকোনো প্ৰকাৰে কা বাতিল কৰিবই লাগিব বুলি চৰকাৰক হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদস্থলীত উপস্থিত থাকে বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁইৰ লগতে কেবাটাও ৰাজনৈতিক দলৰ বিষয়ববীয়া । বিশিষ্ট বুদ্ধিজীৱী তথা কা বিৰোধী সম্বন্বয় সমিতিৰ সভাপতি ড৹ হীৰেণ গোহাঁয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন কৌশলেৰে আন্দোলনৰ হুংকাৰ দিয়ে ।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয়, ‘‘ আমি বিভিন্ন কৌশলেৰে কাম কৰি যাম । ‘কা’ৰ জৰিয়তে ভাৰতীয় সংবিধান উলংঘা কৰিছে বিজেপিয়ে ৷ সংবিধানৰ প্ৰতি শ্ৰদ্ধা নাই তেওঁলোকৰ । আমাৰ সংবিধান প্ৰগতিশীল । স্বাধীনতা সংগ্ৰামী আৰু জনতাৰ আশা আকাংশাৰ দলিল । বিজেপিয়ে সংবিধান উলংঘা কৰাৰ যি প্ৰচেষ্টা চলাইছে, ই সাংঘাটিক ৷’’

‘কা’বিৰোধী সম্বন্বয় সমিতি নামৰ সংগঠনটোত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি জড়িত আছে বুলি উল্লেখ কৰি ড৹ গোহাঁয়ে কয় যে আন্দোলনটো তেওঁৰ নেতৃত্বত হোৱা নাই ৷ তেওঁ কেৱল সংগঠনটোৰ সভাপতিহে ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, ‘‘ কা আমি মানি নলও, কা নামানো । নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে হিন্দু বঙালীৰ ভোট লোৱাৰ নিকৃষ্ট ৰাজনীতি কৰিছে । বগা ভাত দেখুৱাই কা আন্দোলন নষ্ট কৰিলে । ৰজাঘৰৰ বগা ভাত দেখি আপোচ নকৰা বহু মানুহ আছে আৰু থাকিব । আমি ‘কা’ৰ বিৰুদ্ধে আন্দোলন আগুৱাই লৈ যাম ।’’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে চৰকাৰক সমালোচনা কৰি কয় যে মদৰ ৰাজহেৰে হেলিকপ্টাৰত ঘূৰিবলৈ লাজ নোপোৱা মানুহৰ হাতত অসম কেতিয়াও সুৰক্ষিত নহয় ৷

লগতে পঢ়ক: কা বলৱৎ কৰিলে আন্দোলনৰ জৰিয়তে প্ৰাণ দিব অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.