বৰপেটাত দুই লাখ ৮০ হাজাৰ শিশুক প্ৰদান কৰা হ'ব পলিঅ' প্ৰতিষেধক

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:50 PM IST

thumbnail

বৰপেটা,২ মাৰ্চঃ বৰপেটা জিলাত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান । আজি এই সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাছমত আলীয়ে ব্য়াখ্য়া কৰে ।  অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াগৰাকীয়ে কয় যে এই অভিযানত শূণ্যৰ পৰা পাঁচ বছৰৰ ভিতৰৰ দুই লাখ ৮০ হাজাৰ ১৩৩ টি শিশুক সামৰি লোৱা হ'ব । তেওঁলোকক ঘৰে ঘৰে গৈ অথবা অস্থায়ী শিৱিৰ স্থাপনেৰে প্ৰতিষেধক খুউওৱা হ'ব বুলি কয় ।  

তেওঁ পুনৰ কয় যে ইয়াৰ বাবে জিলাখনত ১,১২৫ টা পলিঅ' বুথ স্থাপন কৰা হৈছে । আনহাতে, ২৩ টা ভ্ৰাম্যমাণ গোট গঠন কৰা হৈছে । এই গোটবোৰ মেলা, বজাৰ অঞ্চল, ইট ভাটা, ৰে'ল ষ্টেচন আদিত প্ৰতিষেধক খুউওৱাৰ দায়িত্বত থাকিব । বৰপেটা জিলাৰ ৬৩ টা চৰতো এই প্ৰতিষেধক খুউওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাছমত আলীয়ে সদৰী কৰে । আনহাতে, জিলা প্ৰতিষেধক বিষয়া ডাঃ ৰাজীৱ বৰবৰাই কয় যে ইয়াৰ পূৰ্বে বৰপেটা জিলাত প্ৰতিষেধক খুউওৱাৰ সফলতাৰ হাৰ আছিল ৯৮ শতাংশ । সেই সীমা এইবাৰ অতিক্ৰম কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:নৱগ্রহ শ্মশান কালী মন্দিৰত কৰ্কট ৰোগীৰ বাবে আশ্ৰয়গৃহ মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.