ETV Bharat / state

নৱগ্রহ শ্মশান কালী মন্দিৰত কৰ্কট ৰোগীৰ বাবে আশ্ৰয়গৃহ মুকলি

Navagraha Kali Mandir:শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিৰ বিশেষ পদক্ষেপ । শুকুৰবাৰে মন্দিৰ প্ৰাংগণত থকা হলিৰাম ডেকা ভৱনত মুকলি কৰা হয় কৰ্কট ৰোগীৰ বাবে এটা আশ্ৰয়গৃহ।

Navagraha Kali Mandir in Guwahati
শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 10:46 PM IST

2 Min Read
Choose ETV Bharat
শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ

গুৱাহাটী, ১ মার্চ: শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিয়ে কৰ্কট ৰোগীৰ বাবে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ । শুকুৰবাৰে শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা পৰিচালিত হলিৰাম ডেকা ভৱনত কৰ্কট ৰোগীৰ বাবে মুকলি কৰা হয় এটা আশ্ৰয়গৃহ । ১৮ গৰাকী ৰোগী থাকিব পৰা এই আশ্ৰয়গৃহটো মুকলি কৰে ডাঃ প্ৰণৱজ্যোতি ডেকাই । লগতে উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক জলপানীও প্ৰদান কৰে শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজিৰ এই অনুষ্ঠানটোৰ সন্দৰ্ভত কালী মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীয়ে মন্তব্য কৰি কয়,' হলিৰাম ডেকাৰ ভৱনত পূৰ্বে এটা যোগ কেন্দ্ৰ আছিল । পৰবৰ্তী সময়ত এইটো কৰ্কট ৰোগীৰ বাবে এক আশ্ৰয় গৃহৰ ব্যৱস্থাৰ চিন্তা কৰা হৈছিল যদিও প্ৰথম অৱস্থাত কিছু সমস্যাই দেখা দিছিল । পৰৱৰ্তী সময়ত বহু প্ৰচেষ্টাৰ অন্তত আজি এটা মহৎ দিনত উপনীত হলো । "

কালী মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীয়ে পুনৰ কয়," এই বিষয়টো সন্দৰ্ভত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যক্ষৰ লগতো আমি আলোচনা কৰিছো । তেওঁলোকে আমাক এইক্ষেত্ৰত যিখিনি সহায়-সহযোগিতা লাগে সেইখিনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । " লগতে তেওঁ মন্তব্য কৰি কয় ,"এই আশ্ৰয়গৃহটোত মুঠ ১৮ খন বিচনা আছে । তাৰে ৯ জন পুৰুষ আৰু ৯ গৰাকী মহিলাক দুটা ভাগত ৰখাৰ ব্যৱস্থা কৰা হ'ব । ৰোগীৰ পৰিচৰ্যাৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু কে জি এম টি হাস্পাতালৰ লগত কথা বতৰা হৈছে । তেওঁলোকে যিসকল ৰোগীক পঠিয়াব আমি সেইসকল ৰোগীকে ইয়াতে ৰাখিম । "

লগতে পঢ়ক:কোকৰাঝাৰত ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ শুভাৰম্ভ