ছাৰ্ভিচ পিষ্টলেৰে মহিলালৈ গুলী চলাই আত্মহনন নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ - ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ; গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 10:19 AM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 2 মাৰ্চ: ডিব্ৰুগড়ৰ লাহোৱালৰ ৰংপুৰীয়াত সংঘটিত হয় এটি চাঞ্চল্যকৰ ঘটনা । নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই । শনিবাৰৰ পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে । এই ঘটনাত বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ এগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ।

মহিলাগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । লাহোৱালৰ ৰংপুৰীয়াত বিপুল গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । মৃত অনুপম গোৱালাৰ ঘৰ বোকাখাতৰ কাকচাঙৰ সমীপত বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

নামৰূপ আৰক্ষী থানাৰ দায়িত্বত থকা আৰক্ষী বিষয়াজনে কি কাৰণত নামৰূপৰ পৰা আহি লাহোৱালত এই ঘটনা সংঘটিত কৰিলে তাক লৈ সৰ্বত্ৰে ৰহস্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:  তিনিচুকীয়াত অঘটন: নিজৰ AK47ৰে গুলীয়াই আত্মহত্যা অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details