ছাৰ্ভিচ পিষ্টলেৰে মহিলালৈ গুলী চলাই আত্মহনন নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:19 AM IST

thumbnail

মৰাণ, 2 মাৰ্চ: ডিব্ৰুগড়ৰ লাহোৱালৰ ৰংপুৰীয়াত সংঘটিত হয় এটি চাঞ্চল্যকৰ ঘটনা । নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই । শনিবাৰৰ পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে । এই ঘটনাত বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ এগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ।

মহিলাগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । লাহোৱালৰ ৰংপুৰীয়াত বিপুল গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । মৃত অনুপম গোৱালাৰ ঘৰ বোকাখাতৰ কাকচাঙৰ সমীপত বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

নামৰূপ আৰক্ষী থানাৰ দায়িত্বত থকা আৰক্ষী বিষয়াজনে কি কাৰণত নামৰূপৰ পৰা আহি লাহোৱালত এই ঘটনা সংঘটিত কৰিলে তাক লৈ সৰ্বত্ৰে ৰহস্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:  তিনিচুকীয়াত অঘটন: নিজৰ AK47ৰে গুলীয়াই আত্মহত্যা অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.