তিনিচুকীয়াত অঘটন: নিজৰ AK47ৰে গুলীয়াই আত্মহত্যা অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:59 PM IST

thumbnail

তিনিচুকীয়া, ৩১ জানুৱাৰী : আজি তিনিচুকীয়াৰ জৰিগুৰিস্থিত অৰ্ধসামৰিক বাহিনীৰ শিৱিৰত এক অঘটন সংঘটিত হয় ৷ অৰ্ধসামৰিক বাহিনীৰ এগৰাকী জোৱানৰ আত্মহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শিৱিৰটোত ৬৮ নং বেটেলিয়নৰ কনিষ্টবল সঞ্জয় কুমাৰ (৩৮) নামৰ এজন জোৱানে নিজৰ AK47ৰে মূৰত গুলীয়াই আত্মহত্যা কৰে । মৃত সঞ্জয় কুমাৰৰ ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াসহ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ইতিমধ্য সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে আৰু তদন্তৰ পাছতে পোহৰলৈ আহিব সেয়া প্ৰকৃততে আত্মহত্যা নে আন কিবা ৷ যদি আত্মহত্যাও হয়, কি কাৰণে এগৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানে আত্মহত্যা কৰিবলগীয়া হ’ল তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

লগতে পঢ়ক: মই জে ই ই কৰিব নোৱাৰিলোঁ...পৰীক্ষাৰ নোট লিখা কলমটোৰে নীহাৰিকাই লিখিলে আত্মহননৰ টোকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.