ETV Bharat / bharat

মই জে ই ই কৰিব নোৱাৰিলোঁ...পৰীক্ষাৰ নোট লিখা কলমটোৰে নীহাৰিকাই লিখিলে আত্মহননৰ টোকা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:23 PM IST

Kota student suicide
JEE MAIN 2024

JEE MAIN 2024: ৰাজস্থানৰ কোটাত জে ই ই পৰীক্ষাৰ পূৰ্বে এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে । ছাত্ৰীগৰাকী ঝলাৱাৰৰ বাসিন্দা যদিও পৰিয়ালৰ সৈতে কোটাত বাস কৰিছিল ।

নিউজ ডেস্ক, 29 জানুৱাৰী: ‘‘মা...দেউতা মই জে ই ই কৰিব নোৱাৰো । গতিকে মই আত্মহত্যা কৰিলোঁ । মই ব্যৰ্থ । মই আটাইতকৈ বেয়া ছোৱালী । ক্ষমা কৰিব মা-দেউতা । এইটো মোৰ হাতত থকা শেষ বিকল্প ।’’ এয়া আছিল নীহাৰিকাৰ শেষ কথা ৷ জে ই ই পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই থকা নীহাৰিকাই অৱশেষত চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ৷ পৰীক্ষাৰ নোট লিখা কলমটোৰে নিহাৰিকাই লিখিলে আত্মহননৰ টোকা ৷

তথ্য মতে, ছাত্ৰীগৰাকীয়ে নিজ পৰিয়ালৰ সৈতে কোটাৰ বোৰখেড়া থানাৰ অন্তৰ্গত মানপুৰাত বাস কৰিছিল ৷ নিজা বাসগৃহতেই আত্মহনন কৰে ছাত্ৰীগৰাকীয়ে ৷ পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক এম বি এছ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক ৷ ঘটনাৰ খবৰ পৰাই বোৰখেড়া আৰক্ষী এম বি এছ হাস্পতালত উপস্থিত হয় আৰু পৰিয়ালৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে ৷

বোৰখেড়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন্দ্ৰ সিং শেখাৱতে কয় যে আত্মহত্যাৰ ঘটনাটো পুৱা প্ৰায় 9.30 বজাত সংঘটিত হয় ৷ আত্মহত্যা কৰা ছাত্ৰীগৰাকী 18 বছৰীয়া নিহাৰিকা সিং বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ বক্তব্য অনুসৰি ছাত্ৰীগৰাকীয়ে জে ই ইৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ৷ যোৱা কেবাদিন ধৰি অস্থিৰ হৈ আছিল ছাত্ৰীগৰাকী ৷

সহকাৰী উপ-পৰিদৰ্শক উদয় সিঙে জনোৱা মতে ঘটনা সন্দৰ্ভত পৰিয়ালৰ পৰা তথ্য-পাতি সংগ্ৰহ কৰি আছে আৰক্ষীয়ে ৷ ছাত্ৰীগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা আত্মহননৰ টোকা ৷ সেই টোকাটোত ছাত্ৰীগৰাকীয়ে উল্লেখ কৰি গৈছে আত্মহননৰ কাৰণ ৷ ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পৰিয়ালক চমজাই দিয়া হ’ব ৷

মৃত ছাত্ৰীগৰাকীৰ আত্মীয় বিক্ৰম সিঙে কয় যে নীহাৰিকাই অনলাইন কোচিং কৰি আছিল । যোৱা বছৰো তেওঁ দ্বাদশ পৰীক্ষা দিছিল, য’ত তেওঁ কম নম্বৰ পাই উত্তীৰ্ণ হৈছিল । সেইবাবেই তেওঁ পুনৰ দ্বাদশৰ বাবে প্ৰস্তুতি চলাইছিল আৰু ইয়াৰ লগতে যুটীয়া প্ৰৱেশ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছিল ।

তেওঁৰ জে ই ই মেইন পেপাৰ আছিল 30 বা 31 জানুৱাৰীত । ইয়াকে লৈ মানসিক চাপত আছিল নিহাৰিকা । নিতৌ প্ৰায় ৬ৰ পৰা ৭ ঘণ্টা পঢ়া-শুনা কৰি আছিল ছাত্ৰীগৰাকীয়ে । মূলতঃ তেওঁৰ পৰিয়ালটো ঝলাৱাৰ জিলাৰ আকাৱদ গাঁৱৰ বাসিন্দা ৷ আনহাতে কোটাত তেওঁলোকৰ নিজা ঘৰ আছে । তেওঁৰ পিতৃ বিজয় সিং বেংকৰ নিৰাপত্তাৰক্ষী । তিনি ভগ্নীৰ ভিতৰত নিহাৰিকা আছিল ডাঙৰ আৰু পঢ়া-শুনাতো ভাল আছিল ।

কোটাত এনেধৰণৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে ৷ শেহতীয়াকৈ যোৱা ২৩ জানুৱাৰীত হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল ১৯ বছৰীয়া মহম্মদ জেইদ নামৰ ছাত্ৰজন । এবছৰ আগতে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ পৰা তেওঁ মেডিকেলৰ প্ৰৱেশ পৰীক্ষা NEET ৰ প্ৰস্তুতিৰ বাবে কোটালৈ আহিছিল । সেই ঘটনাত কোনো ছুইচাইড নোট পোৱা নগ’ল ।

বিড়ম্বনাৰ কথাটো হ’ল, দিল্লীত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে’ চৰ্চা আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টা পূৰ্বে নীহাৰিকাক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । আন আন বিষয়ৰ লগতে প্ৰধানমন্ত্ৰীয়ে শিশুসকলৰ মাজত স্থিতিস্থাপকতা জগাই তোলাৰ কথাও কয় ৷ যাতে তেওঁলোকে চাপৰ সৈতে মোকাবিলা কৰাত সহায় হয় । মোদীয়ে কয় যে প্ৰতিযোগিতাই প্ৰেৰণা হিচাপে কাম কৰে যদিও ই সুস্থ হ’ব লাগে । "বহু অভিভাৱকে নিজৰ সন্তানক আন সন্তানৰ উদাহৰণ দি থাকে । অভিভাৱকে এইবোৰ কাম কৰাটো এৰাই চলিব লাগে ।" মোদীয়ে কয় ৷

২০২৩ চনত কোটাত ২৬ জন ছাত্ৰ-ছাত্ৰীয়ে আত্মহনন কৰিছিল ৷ যিটো এবছৰৰ ভিতৰত সৰ্বাধিক সংখ্যা । ২০২২ চনত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা ৰোধৰ বাবে চহৰখনৰ অংশীদাৰসকলে হোষ্টেলৰ কোঠাৰ ফেনত এণ্টি হেংগিং ডিভাইচ, বেলকনি আৰু লবীত লোহাৰ জাল স্থাপনৰ দৰে হতাশজনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক: ভূমিৰ বিনিময়ত নিযুক্তি, কেবা ঘণ্টা ধৰি লালুক ইডিৰ মাৰাথন জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.