যোৰহাটত ডকাইতৰ আক্ৰমণত আহত আৰক্ষী জোৱান

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:25 PM IST

thumbnail

যোৰহাট, ৩১ জানুৱাৰী: যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীয়ে আজি দুধর্ষ ডকাইত পৰশুৰাম দাসলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ঘটনা বিৱৰণী অনুসৰি পশ্চিম যোৰহাটত চুৰি-ডকাইতিৰ ঘটনা সংঘটিত কৰি ত্ৰাস সৃষ্টি কৰিছিল পশুৰামে । উল্লেখ্য় যে পুলিবৰ আৰক্ষীয়ে পশুৰাম দাস নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও আৰক্ষীৰ হাতৰ পৰা ওলাই গৈ পশুৰামে পুলিবৰ থানাৰ নিকটৱৰ্তী বৰহুজৰ নামৰ গাঁৱখনৰ এঘৰলৈ দৌৰ মাৰে । পিছে পিছে খেদি যায় আৰক্ষী ।  

কিন্তু পৰশুৰামে লোকজনৰ ঘৰৰ পৰা এখন দা লৈ আৰক্ষীক আক্ৰমণ কৰে । পশুৰামৰ দাৰ ঘাপত বৰ্তমানলৈকে এজন আৰক্ষী আহত হয় । আঘাতপ্ৰাপ্ত আৰক্ষীজন হৈছে একাদশ আৰক্ষী বাহিনী জোৱান ত্ৰিদিপ দাস । ফলত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে দুধৰ্ষ ডকাইত পৰশুৰাম দাসক লক্ষ্য় কৰি আৰক্ষীয়ে গুলীচালনা কৰে যদিও গুলীবিদ্ধ নহ'ল । ইতিমধ্যে আৰক্ষীয়ে পৰশুৰামক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.