চৰাইদেউৰ চলাপথাৰ শ্যাম গাঁৱত পয়লেং আৰম্ভ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:32 PM IST

thumbnail

ডিব্ৰুগড়, 3 ফেব্ৰুৱাৰী : বিগত বৰ্ষৰ ২৪ আগষ্টত পৰিনিৰ্বাণ ঘটা ড৹ শাসনবংশ মহাথেৰা ভাণ্টেক শ্ৰদ্ধা নিবেদন কৰিবলৈ চৰাইদেউ চলাপথাৰ শ্যাম গাঁৱত আজিৰে পৰা আৰম্ভ হৈছে ‘পয়লেং’ উৎসৱ । বিশেষ পদ্ধতিৰে সংৰক্ষিত ভাণ্টেৰ নশ্বৰ দেহ আজি সুসজ্জিত ৰথত তোলাৰ পাচত অহা ৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় মৰ্যদাৰে সৎকাৰ কৰা হ’ব ৷

উত্তৰ-পূৱ ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু তথা আনন্দৰাম বৰুৱা বঁটা প্ৰাপক, পালিভাষা, বৌদ্ধ-ধৰ্মৰ পণ্ডিতপ্ৰৱৰ, সাহিত্যিক, শিক্ষাবিদ ধৰ্মৰত্ন ড৹ শাসনবংশ মহাথেৰা ভান্টেৰ পৰিনিৰ্বাণ প্ৰাপ্তি উপলক্ষে অন্তিম পবিত্ৰময় পালনীয় ‘পয়লেং’ (ৰথোৎসৱ) অনুষ্ঠানটি শনিবাৰেৰ পৰা অনুষ্ঠিত হৈছে । বৌদ্ধ ধৰ্মীয় নীতি অনুসৰি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পয়লেং অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ লগতে থাইলেণ্ড, লাউচ, ভিয়েটনাম আদিৰ লোকেও অংশগ্ৰহণ কৰিব । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাজনো মন্ত্ৰী বিধায়কে এই অনুষ্ঠানৰ সামৰণি দিনটোত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.