ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 4:12 PM IST

thumbnail

ডিব্ৰুগড়, 24 জানুৱাৰী : মাধ্যম বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ আছু । আৰক্ষীৰ বাধা নেওচি চৰাইদেউ সোণাৰিৰ ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ । সোণাৰিৰ ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ।

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী ভাষা ব্যৱহাৰৰ বিৰোধিতাৰে এই প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছে আছু কৰ্মীসকলে । প্ৰতিবাদকাৰীয়ে মাতৃভাষা বিৰোধী প্ৰতিলিপি দাহ কৰি অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’বেক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ আদি শ্ল’গান দি সোণাৰিৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷

অতি শীঘ্ৰে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে আছুৰ নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক : মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.