মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 3:38 PM IST

thumbnail

বৰপেটা, 24 জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো বুধবাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই ৷ ছাত্ৰ সংগঠনটোৱে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পঢ়োৱাৰ বাবে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত বুলি আখ্যা দি উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনায় ছাত্ৰ সন্থাই । ছাত্ৰ সন্থাৰ সদস্যসকলে শিক্ষাৰ মাধ্যম সম্পৰ্কীয় উক্ত কেবিনেট সিদ্ধান্ত দাহ কৰাৰ লগতে শিক্ষা বিভাগ হায় হায়, শিক্ষামন্ত্ৰী হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটাত ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে গৰজিছে আছু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.