মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে গৰজিছে আছু - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

🎬 Watch Now: Feature Video

thumbnail
মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে গৰজিছে আছু (undefined)

By ETV Bharat Assamese Team

Published : January 24, 2024 at 2:57 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট, 24 জানুৱাৰী : ৰাজ্যজুৰি গৰজি উঠিছে আছু ৷ মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰে প্ৰতিলিপি দাহৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই । ইয়াৰ সমান্তৰালকৈ গোলাঘাট নগৰৰ মাজ মজিয়াৰ বেজবৰুৱা চাৰিআলিত ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিলিপি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই ।

যেতিয়ালৈকে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী কৰি যাব বুলি সকীয়নি প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ বৰঠাকুৰে । যি সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞান শিক্ষা মাতৃভাষা মাধ্যমত হ'ব লাগে বুলি কয় তেনে সময়তে অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত লোৱা কাৰ্যক গৰিহণা দিয়ে ছাত্ৰ নেতাগৰাকীয়ে। অসম চৰকাৰ হায় হায়, মাধ্যম সম্পৰ্কত অসম চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ