ETV Bharat / state

মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ

AASU protest : ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তই কঁপাইছে ৰাজ্য ৷ মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ ৷

AASU protest
সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 2:30 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ/মিৰ্জা 24 জানুৱাৰী : ৰাজ্যত শিক্ষা বিভাগৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। শিক্ষা বিভাগত সংস্কাৰ কৰাৰ নামত শিক্ষা বিভাগে শেহতীয়াকৈ লোৱা কিছু সিদ্ধান্তৰ পাছতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা আহিছে যদিও প্ৰতিবাদক লৈ গুৰুত্ব নাই চৰকাৰৰ।

বুধবাৰে ৰাজ্যজুৰি অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে আছুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপ জিলা আঞ্চলিক ছাত্ৰ সন্থাই ৰাজপথলৈ ওলাই আহি কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । দক্ষিণ কামৰূপ জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে হাতত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ভালেসংখ্যক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ইফালে ডিব্ৰুগড় জিলাৰ মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । মৰাণ নাহৰকটীয়া সংযোগী তিনিআলিত প্ৰতিলিপি দাহ কৰে আছুৰ মৰাণ আঞ্চলিক সমিতিৰ। ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান শাখাত ইংৰাজী ভাষা ব্যৱহাৰৰ বিৰোধিতাৰে এই প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে মৰাণৰ পৰিৱেশ।

ইয়াৰ সমান্তৰালভাৱে টিংখাঙৰ ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে টিংখাঙৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই ।

অতিশীঘ্ৰে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । বিজেপি চৰকাৰ হায় হায়, অসমীয়া ভাষা মাধ্যম বিৰোধী মানি লোৱা নহ'ব আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য