ETV Bharat / state

চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:32 PM IST

Road construction Scam: ডিব্ৰুগড়ৰ চাবুৱাত পথ নিৰ্মাণত ঠিকাদাৰে কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ । নিৰ্মাণৰ পাছতে চপৰা-চপৰে পথটোৰ অংশ খহি গৈছে । প্ৰতিবাদস্বৰূপে পথৰ নিৰ্মাণকাৰ্য বন্ধ কৰিলে ৰাইজে । বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ দাবী ।

Road construction Scam
চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী
চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী

মৰাণ, ২৩ জানুৱাৰী : ৰাজ্যত দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰী আঁচনিৰ দুৰ্নীতি ৰোধৰ বাবেও কঠোৰ হৈছে চৰকাৰ । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আঁচনি ৰূপায়ণত ধন আত্মসাৎ কৰা ঠিকাদাৰ, বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ প্ৰতি যেন কোনো গুৰুত্ব নাই একাংশ বিষয়া তথা ঠিকাদাৰৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে চৰকাৰী আঁচনিত দুৰ্নীতিৰ অভিযোগ উঠিছে ।

এইবাৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগ উঠিছে । পথ নিৰ্মাণৰ ১০ দিন সম্পূৰ্ণ নহওঁতেই চপৰা-চপৰে খহি গৈছে পথটোৰ অংশ । অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ চেতিয়া পথাৰ পথটোৰ এনে অৱস্থা দেখি হতবাক স্থানীয় লোকসকল । ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে ।

ঠিকাদাৰে ৰাইজৰ স্বাৰ্থত আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে বিভিন্ন দল-সংগঠন তথা অঞ্চলটোৰ লোকসকলে । অভিযোগ অনুসৰি কেইবা লাখ টকাৰে নিৰ্মাণ হ'বলগা প্ৰায় ৬ কিলোমিটাৰ পথটো নিৰ্মাণৰ বাবে নিম্নমানৰ শিল ব্যৱহাৰ কৰা হৈছে । ফলত নিৰ্মাণৰ পাছতে পথটো পুনৰ জৰাজীৰ্ণ হৈ পৰাৰ আশংকা কৰিছে ৰাইজে । যাৰ বাবে মঙলবাৰে স্থানীয় ৰাইজে পথটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ লগতে পথ নিৰ্মাণৰ বাবে অনা শিল ওভতাই পঠিয়ায় ।

ইফালে লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ গুৰুত্বহীনতাৰ বাবে পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ কৰিছে ৰাইজে । সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিব অসম আৰক্ষীয়ে, ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.