অসমৰ নৱ-ভোটদাতাৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:42 PM IST

thumbnail

গুৱাহাটী,২৪ জানুৱাৰী:  অসমৰ দুই লক্ষাধিক নতুন ভোটদাতাক ভাৰ্চুৱেলি সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২৫ জানুৱাৰীত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৱ এই নৱ-ভোটদাতা সন্মিলন । বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই । লগতে সদৰী কৰে যে অসমৰ ১০৬ টা সমষ্টিৰ প্ৰত্যেকৰে দুটাকৈ স্থানত আয়োজিত নতুন ভোটদাতা সন্মিলনত এহেজাৰৰো অধিক নতুন ভোটদাতাই অংশগ্ৰহণ কৰিব ।  

দেশৰ উত্থানত নতুন ভোটদাতাসকলক সফলভাৱে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত নৱ-ভোটদাতা সন্মিলন সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব । প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত থাকিব লগা সন্মিলনখনৰ আদৰণি ভাষণ আগবঢ়াব যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই । সংবাদমেলত যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে অসমৰ মুঠ ২১২ স্থানৰ কাৰ্যসূচীতে ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্থানীয় সাংসদ, বিধায়ক, দলৰ জ্যেষ্ঠ নেতৃত্ব উপস্থিত থাকিব বুলি উল্লেখ কৰে । 

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে লখিমপুৰ জিলা বিজেপি সমিতিৰ সম্প্ৰসাৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.