ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে লখিমপুৰ জিলা বিজেপি সমিতিৰ সম্প্ৰসাৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 3:41 PM IST

লোকসভা নিৰ্বাচনক লৈ টঙালি বান্ধিছে দলসমূহে । লখিমপুৰ জিলা বিজেপিৰ সমিতি শক্তিশালী ৰূপত গঠন ।

lakhimpur district bjp committee reform
জিলা বিজেপিৰ সমিতি শক্তিশালী ৰূপত গঠন
জিলা বিজেপিৰ সমিতি শক্তিশালী ৰূপত গঠন

লখিমপুৰ, ২৪ জানুৱাৰী : সন্মুখত লোকসভা নিৰ্বাচন । নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী দল । লোকসভা নিৰ্বাচনকেন্দ্ৰিক লক্ষ্যৰেই বিজেপি দলে লখিমপুৰ জিলা সমিতিখন শক্তিশালী ৰূপত গঠন কৰিছে । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দলে তৎপৰতা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে । লখিমপুৰত বিজেপি দলে জিলা সমিতিখনক শক্তিশালী ৰূপত সজাই তুলিছে । জিলা সমিতিত দিয়া হৈছে নতুন নিযুক্তি । বিজেপি দলৰ লখিমপুৰ জিলা সমিতিত ভালেখিনি ন-পুৰণি কৰ্মীক নতুনকৈ নিযুক্তি দিয়া হৈছে । দলৰ ৰাজ্যিক সভাপতিৰ অনুমোদন সাপেক্ষে লখিমপুৰ জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাই তালিকাখন প্ৰকাশ কৰিছে ।

তালিকা অনুসৰি জিলা সমিতিখনত উপ-সভাপতি হিচাপে শ্যামল শৰ্মা, নিতুমণি বৰুৱা, দুল শইকীয়া, ৰূমী দত্ত, জোনটি নেওগ, জ্যোৎস্না মেদক, মইনুল ইছলাম শইকীয়া, তৰুণ গগৈ আৰু পুলিন দাসক নিযুক্তি দিয়া হৈছে । সেইদৰে সাধাৰণ সম্পাদক হিচাপে ডিম্বেশ্বৰ গগৈ আৰু জিতেন দাসক নিযুক্তি দিয়া হৈছে । সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে নৃপেন বৰা, দুলাল দত্ত, সঞ্জীব দত্ত, ভবেন শইকীয়া, অভিজিৎ সোণোৱাল, তৰুণ শইকীয়া, নেপাল পদ্দাৰ, সঞ্জীব তাঁতী, হিতেশ বৰা, পল্লবী গোহাঁই বৰদলৈ আৰু ডেইজী দত্তক ।

কোষাধ্যক্ষ হিচাপে সূৰ্য বৰুৱাক নিযুক্তি দিয়া হৈছে । উল্লেখ্য যে, নতুনকৈ নিযুক্তি দিয়াসকলৰ ভিতৰত একাংশ নতুন আৰু আন একাংশ পুৰণি বিষয়ববীয়া । নতুন সমিতিখনক শুভেচ্ছা জনাই সমিতিখনে শক্তিশালী ৰূপত দলীয় কাম কাজ আগুৱাই নিব বুলি জিলা সভাপতি ফণীধৰ বৰুৱাই আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : লখিমপুৰত কংগ্রেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.