ETV Bharat / politics

লখিমপুৰত কংগ্রেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:49 PM IST

Bharat Jodo Nyay Yatra: অসমত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত আছে । অসম চৰকাৰে এই যাত্ৰাক বাধা দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ কংগ্ৰেছৰ ।

Congress protest in Lakhimpur
লখিমপুৰত কংগ্রেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
লখিমপুৰত কংগ্রেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰ,২২ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে । প্ৰথমে লখিমপুৰত কংগ্ৰেছৰ বেনাৰ, পোষ্টাৰ ফালি চূৰমাৰ কৰিলে দুৰ্বৃত্তই । তাৰ পাছতে দেওবাৰৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ । এই ঘটনাবোৰক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে ৰাজ্যজুৰি প্ৰতিবাদো আৰম্ভ কৰিছে । ভাৰত জোড়ো ন্যায় যাত্রাক লৈ ৰাজ্য চৰকাৰৰ ভূমিকা আৰু ভূপেন বৰাক আক্ৰমণৰ ঘটনাক গৰিহণা দি সোমবাৰে সমগ্র ৰাজ্যৰ লগতে লখিমপুৰতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ মাজতে কংগ্ৰেছ নেতা-কৰ্মীৰ হুংকাৰ "আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব । যুৱ কংগ্ৰেছীক আৰক্ষী প্ৰশাসনে ৰখাব নোৱাৰিব । ভূপেন বৰাৰ প্ৰতি টোপাল তেজৰ হিচাপ লোৱা হ'ব ।"

উল্লেখ্য যে দেওবাৰে জামুগুৰিহাটত ভাৰত জোড়ো ন্যায় যাত্রাৰ সময়তে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ হৈছিল । সেই আক্ৰমণৰ পিচতে কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰ অংশ হিচাপে লখিমপুৰ জিলা সমিতিয়েও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কিন্তু জিলা কংগ্রেছৰ উদ্যোগত জিলা কংগ্রেছৰ কাৰ্যালয়ৰ পৰা কংগ্রেছে প্ৰতিবাদী সমদল কৰিবলৈ ওলোৱাৰ সময়তে প্ৰৱেশ পথতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে । যাক লৈ আৰক্ষী আৰু কংগ্রেছ কৰ্মীৰ মাজত বাক-বিতণ্ডা হয় ।

আৰক্ষীয়ে অস্থায়ী বেৰিকেড স্থাপন কৰি প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰে । ফলত ক্ষুদ্ধ হৈ পৰা প্ৰতিবাদকাৰীসকলে সেই স্থানতে প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে শ্ল'গান দি কংগ্রেছ কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্রেছৰ সভাপতি গগন বৰা, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই, জিলা মহিলা কংগ্রেছৰ সভানেত্রী হাফিজা বেগম, যুৱ কংগ্ৰেছৰ জিলা সভাপতি মৌচম লাহনকে কংগ্রেছৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে । ইফালে কংগ্ৰেছৰ প্ৰতিবাদৰ উমান পাই দুপৰীয়াৰ পৰাই অঞ্চলটোত আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় ।

লগতে পঢ়ক :মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.