ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক ফ্লপ শ্ব’ আখ্যা পীযুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:32 PM IST

thumbnail

তেজপুৰ, 24 জানুৱাৰী: ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ পুনৰ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত হেনো মানুহেই নাই; এয়া ফ্লপ যাত্ৰা বুলি মন্তব্য অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । বুধবাৰে তেজপুৰত সাংবাদিকৰ আগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, "ৰাহুলৰ এয়া অন্যায় যাত্ৰা ৷ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত ৰাহুল গান্ধীয়ে ৷ গুৱাহাটীত ন্যায় যাত্ৰাৰ নামত আইন উলংঘা কৰি উদ্ভণ্ডালি কৰিছে ৷ পুলিচক আক্ৰমণ কৰিছে, বেৰিকেড ভাঙিছে ৷" 

আনহাতে বদৰুদ্দিন আজমল সম্পৰ্কত কোনো মন্তব্য নকৰো বুলি কৈ মন্ত্ৰী পীষুষে কয়, "আজমলে মানসিক ভাৰসাম্য হেৰুৱাই আজিকালি যি তি বলকি থাকে ৷ গতিকে তেওঁলোকৰ সম্প্ৰদায়ৰ কথা কি কয় নকয় সেয়া তেওঁৰ কথা ৷" 

ইফালে আলফাৰ সৈতে হোৱা চুক্তিয়ে অসমৰ উন্নয়নত বহুত সহায়ক হ’ব বুলি উল্লেখ কৰাৰ লগতে পৰেশ বৰুৱা আহিলে আৰু ভাল হ’ব বুলিও আশা ব্যক্ত কৰে পীযুষ হাজৰীকাই ৷

লগতে পঢ়ক: বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.