ETV Bharat / state

বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 11:41 AM IST

Updated : Jan 24, 2024, 5:20 PM IST

Rahul Gandhi slams Assam CM: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় খুৱাই অসমৰ সকলো সম্পদ নিজৰ কৰি লৈছে । অসমৰ মুখ্যমন্ত্ৰীজনক দেশৰ আটাইতকৈ দুৰ্নীতি পৰায়ণ মুখ্যমন্ত্ৰী আখ্যা দিছে ৰাহুল গান্ধীয়ে । অমিত শ্বাহে যি কয় সেই মতে হিমন্ত বিশ্ব শৰ্মা চলে বুলি অসমৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

Congress condemned BJP regarding bjny
Congress condemned BJP regarding bjny

বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?

বৰপেটা, 24 জানুৱাৰী: ৰাজ্যত অব্যাহত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ ইতিমধ্যে বৰপেটা জিলাত উপস্থিত হৈছে এই যাত্ৰা ৷ জিলাখনৰ ভেল্লাৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ মাজতে উত্তৰ বৰপেটাত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে । এখন চাৰিচকীয়া বাহনৰ ওপৰত বহি দিয়া ভাষণত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰক সমালোচনা কৰে । বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেতাজনে তীব্ৰ সমালোচনা কৰে ।

ৰাহুল গান্ধীয়ে কয়, "দেশত বৰ্তমান ঘৃণাৰ ৰাজনীতি চলিছে । এই ৰাজনীতিক আৰ এছ এছ আৰু বিজেপিয়ে চাৰিওফালে বিয়পাই দিছে । ঘৃণাৰ বজাৰৰ মাজত আমি প্ৰেমৰ বাৰ্তা লৈ আহিছো । 24 ঘণ্টাই ঘৃণা বিয়পাই থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় খুৱাই অসমৰ সকলো সম্পদ নিজৰ কৰি লৈছে । যাৰ বাবে অসমৰ মানুহে পাণ খালে পইচা যায় মুখ্যমন্ত্ৰীলৈ । কাৰণ পাণৰ লগত খোৱা চুপাৰিৰ ব্যৱসায় হিমন্ত বিশ্ব শৰ্মাৰ ।"

অসমৰ মুখ্যমন্ত্ৰীজনক দেশৰ আটাইতকৈ দুৰ্নীতি পৰায়ণ মুখ্যমন্ত্ৰী আখ্যা দিয়ে ৰাহুল গান্ধীয়ে । অসমত এনেদৰে শাসন চলাই থকা মুখ্যমন্ত্ৰীজনৰ দিল্লীত কোনো মূল্য নাই বুলি ৰাহুলে কটাক্ষ কৰে । তেওঁ কয়, " অমিত শ্বাহে যি কয় সেই মতে চলে হিমন্ত বিশ্ব শৰ্মা । কোনোদিনে অমিত শ্বাহৰ বিৰুদ্ধে এটাও শব্দ ক’ব নোৱাৰে । এটা শব্দ ক’লেই লথিয়াই খেদি দিব । গতিকে এনে এজন মুখ্যমন্ত্ৰীৰ মুখত অসমৰ ৰাইজৰ স্বাৰ্থৰ গুৰুত্ব নাই । "

ৰাহুলে কয় যে প্ৰয়াত তৰুণ গগৈক কিন্তু তেওঁলোকে কেতিয়াও কোনো নিৰ্দেশনা দিয়া নাছিল । অসমক অসমৰ দৰে চলিবলৈ দিছিল । প্ৰয়াত মুখ্যমন্ত্ৰীজন তেওঁৰ গুৰু আছিল বুলিও ৰাহুলে উল্লেখ কৰে । হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাৰ্যৰে অসমৰ গামোচাখনক বাৰম্বাৰ অপমান কৰি থকা বুলিও ৰাহুলে মন্তব্য কৰে । যিমানেই গোচৰ ৰুজু কৰিলেও ৰাহুল গান্ধীয়ে কেতিয়াও ভয় নাখায় বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছ নেতাজনে প্ৰত্যাহ্বান জনায় । ভাৰতৰ প্ৰতিটো পৰিয়ালতে তেওঁৰ আশ্ৰয় থকা বুলিও ৰাহুলে দাবী কৰে ।

ইপিনে এই সভাৰ পূৰ্বে কেবাশ কংগ্ৰেছ কৰ্মীয়ে দলৰ নেতাজনক বৰপেটা চহৰৰ আমোলাপট্টিৰ পৰা বিশাল সমদল কৰি উত্তৰ বৰপেটাৰ সভাস্থলীলৈ আদৰি নিয়ে । উত্তৰ বৰপেটাৰ পৰা ৰাহুল গান্ধী অভয়াপুৰী অভিমুখে ৰাওনা হয় । ৰাহুল গান্ধীৰ লগত সা‌ংসদ গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, চিপিআই(এম) দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকে ।

লগতে পঢ়ক: কি হ’ব পৰৱৰ্তী ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী, মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

Last Updated :Jan 24, 2024, 5:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.