ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উদুলি-মুদুলি ঢেকীয়াখোৱা বৰনামঘৰ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:48 PM IST

thumbnail

টীয়ক, 22 জানুৱাৰী : অযোধ্যাত আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ দেশবাসীৰ মন উচাহ-আনন্দৰে ভৰা ৷ দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো পুৱাৰে পৰা এক ভক্তিময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

অসমৰ অধিকাংশ মঠ-মন্দিৰ, ধৰ্মীয়স্থান, নামঘৰসমূহত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে পৰিচালনা সমিতিসমূহে । এয়া টীয়কৰ অন্যতম পীঠ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ ৷ পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ নামঘৰত উপস্থিত হৈ নেদেখাজনৰ শৰণাপন্ন হৈছে ।

ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও পুৱা অক্ষয় বন্তিত তেল প্ৰদান কৰি এখনি শৰাই নৈবদ্য আগবঢ়াই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা যাতে সুচাৰুৰূপে সম্পাদন হয় তাৰ কামনা কৰে ৷ ইয়াৰ লগতে সকলোকে দেশৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ঘৰে ঘৰে সন্ধিয়া এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাই নামঘৰ পৰিচালনা সমিতিয়ে । অযোধ্যাৰ দিনজোৰা সমূহ কাৰ্যসূচীত যাতে ঢেকীয়াখোৱালৈ অহা প্ৰতিগৰাকী ভক্তই প্ৰত্যক্ষ কৰিব পাৰে তাৰো সু-ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক : ৰাম ভজনেৰে মুখৰিত নিউয়ৰ্কৰ টাইমছ স্কোৱেৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.