ETV Bharat / international

ৰাম ভজনেৰে মুখৰিত নিউয়ৰ্কৰ টাইমছ স্কোৱেৰ

author img

By ANI

Published : Jan 22, 2024, 1:49 PM IST

Updated : Jan 23, 2024, 11:04 AM IST

Ram Mandir Pran Pratishtha: সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উছাহ দেখিবলৈ পোৱা গৈছে । নিউয়ৰ্কৰ টাইমছ স্কোৱেৰ ভগৱান ৰামৰ ভজনেৰে মুখৰিত হৈ পৰিল । হাতে হাতে ৰাম ধ্বজা লৈ প্ৰবাসী ভাৰতীয়ৰ উদযাপন ।

Ram Mandir Pran Pratishtha
ৰাম ভজনেৰে মুখৰিত নিউয়ৰ্কৰ টাইমছ স্কোৱেৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ জানুৱাৰী : বহু অপেক্ষাৰ অন্তত আজি ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হ'ল । ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ কেৱল ভাৰততে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত উছাহ দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে ৰামময় হৈ পৰিল আমেৰিকাৰ নিউয়ৰ্ক চহৰ । প্ৰবাসী ভাৰতীয়সকলক টাইমছ স্কোৱেৰত ভগৱান ৰামৰ ফটো আৰু ৰাম ভজনেৰে বিশেষ ক্ষণ উদযাপন কৰা দেখা গ'ল ।

ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে আমেৰিকাত প্ৰবাসী ভাৰতীয়সকলে এই বিশেষ মুহূৰ্ত উদযাপন কৰে । উদযাপনৰ সময়ত বৃহৎ সংখ্যক ভাৰতীয় প্ৰবাসীয়ে পৰম্পৰাগত ভাৰতীয় পোছাক পিন্ধি অহা দেখা গ'ল । হাতে হাতে শ্ৰীৰামৰ প্ৰতিকৃতি থকা গেৰুৱা পতাকা লৈ প্ৰবাসী ভাৰতীয়সকলে ৰাজপথলৈ ওলাই আহিল ।

ইফালে মেচাচুচেটছৰ ৱাৰচেষ্টাৰ চহৰৰ মেয়ৰ জ' পেটিয়েও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ হিন্দু সম্প্ৰদায়ক উষ্ম আদৰণি জনায় । মেয়ৰে ৱাৰচেষ্টাৰ চহৰত সকলো বাসিন্দাকে এই বিশেষ ক্ষণ পালন কৰাৰ বাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত আমেৰিকান হিন্দু, শিখ, জৈন আৰু এছিয়ান-আমেৰিকান সম্প্ৰদায়ৰ প্ৰতি আন্তৰিক অভিনন্দনো জ্ঞাপন কৰে ।

উল্লেখ্য যে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, সাধু-সন্ত আৰু কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা ঐতিহাসিক ৰীতি-নীতিৰে সম্পন্ন হয় । এই সময়ত দেশ-বিদেশৰ অতিথিয়ে অযোধ্যাত ভিৰ কৰা দেখা গ'ল । ইয়াৰ মাজতে সকলো ফালে কেৱল ভগৱান ৰামৰ জয়গান শুনিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

Last Updated : Jan 23, 2024, 11:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.