এই নিৰ্বাচনত বি জে পি জয়ী হ'লে গণতন্ত্ৰ শেষ কৰি দিব: পৱন খেৰা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:46 PM IST

thumbnail

ডিব্ৰুগড়,১৬ ডিব্ৰুগড়: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন । শাসক-বিৰোধী উভয়ে তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । সমানে অব্যাহত কথাৰ কটাকটি । হাইপ্ৰফাইল নেতা জঁপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰত । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক পৱন খেৰাৰ সংবাদমেল । সংবাদমেল সম্বোধন কৰি খেৰাই তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে বিজেপিক । তেওঁ কয় যে, এই নিৰ্বাচন এক ঐতিহাসিক নিৰ্বাচন ।  যদি এই নিৰ্বাচত ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ জয়ী হয় তেন্তে পৰৱৰ্তী সময়ত গণতন্ত্ৰ শেষ কৰি দিব ।  

লগতে তেওঁ কয় যে, ইয়াৰ পিচত বিৰোধীৰ অধিকাৰো বন্ধ হৈ পৰিব । চৰকাৰক প্ৰশ্ন কৰাৰ সুবিধা বন্ধ কৰি দিব । যিসকলে বিজেপিৰ ভয়-ভাবুকিত কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিলে তেওঁলোকক ভৱিষ্যতে মুখ্যমন্ত্ৰী বনাব । আনহাতে যিসকলে বিজেপিৰ ভাবুকিত ভ্ৰীতিগ্ৰস্ত নহৈ নিজৰ স্থিতিত অটল হৈ থাকিল সেইসকলৰ পিচত ই ডি, চি বি আই লগাব আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব । মোদী ৱাছিং পাউদাৰে যিসকলক ধুলে তেওঁলোক দুৰ্নীতিমুক্ত হৈ পৰিল । সেয়ে কংগ্ৰেছ প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ আহ্বান জনাই কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক পৱন খেৰাই । 

লগতে পঢ়ক: সুৰেশ বৰাৰ পূৰ্বৰ ৰেকৰ্ড বৰ ভাল নহয়: আজমল - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.