বৰপেটা-ধুবুৰী লোকসভা সমষ্টি দখলৰ লক্ষ্য় অগপৰ

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 8:57 PM IST

thumbnail

মাণিকপুৰ, ৪ ফেব্ৰুৱাৰী: নৱ গঠিত অভয়াপুৰী, সৃজনগ্ৰাম বিধানসভা সমষ্টিত আৰম্ভ হৈছে অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা । লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত কঁকালত টঙালি বান্ধিছে অগপই ৷ ইয়াৰ সৈতে সংগতি ৰাখি অসম গণ পৰিষদৰ অভয়াপুৰী বিধানসভা সমষ্টি সমিতি আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টি সমিতিৰ অধিবেশনখন আজি তুলুঙীয়াত অনুষ্ঠিত হয় ৷

তুলুঙীয়া বজাৰ গৃহত অগপ নেতা পূৰ্ণেন্দু বণিক্যৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, প্ৰমোদ ৰায়, উমেশ ঠাকুৰীয়া, আব্দুল হক, কেশৱ দেৱ শৰ্মা, নিৰঞ্জন দাস, আমজাদ আলী, ছামেশ উদ্দিন, ৰহিজুল ইছলাম, উমেশ ঠাকুৰীয়া আৰু কামৰুজ জামান আদি উপস্থিত থাকে ।‌‌ লগতে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে গোপী নাথ আৰু দিলীপ মেধি । আগন্তুক লোকসভা নিৰ্বাচনত অগপ দলে যাতে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত বিজয়ী হ'ব পাৰে তাৰ বাবে দলীয় কৰ্মীক ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিবলৈ শীৰ্ষ নেতৃত্বই অনুৰোধ জনায় ।

লগতে পঢ়ক: প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.