ETV Bharat / state

প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন

Autobiography unveiled: বিশিষ্ট চিকিৎসক তথা লেখক প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন । দেওবাৰে দিছপুৰ পলিক্লিনিক হাস্পতাল চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠান । উন্মোচন কৰা হয় বিশিষ্ট সাংবাদিক তথা লেখক নয়ন কুমাৰ শৰ্মাই সম্পাদনা কৰা 'জীৱনৰ গতিপথ' ।

Autobiography unveiled at Dispur Polyclinic Hospital
প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন
author img

By ETV Bharat Assamese Team

Published : February 4, 2024 at 7:21 PM IST

2 Min Read
Choose ETV Bharat
প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন

গুৱাহাটী, ৪ ফ্ৰেব্ৰুৱাৰী: দিছপুৰ পলিক্লিনিক হাস্পতালৰ প্ৰতিষ্ঠাপক বিশিষ্ট চিকিৎসক তথা লেখক প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী 'জীৱনৰ গতিপথ' উন্মোচন । দেওবাৰে হাস্পতাল চৌহদত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানটি । জ্যেষ্ঠ সাংবাদিক আজিজুৰ ৰহমান হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাজ সেৱিকা কণিকা বৰদলৈ, ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদ, লেখক ৰিজু হাজৰিকা, জ্যেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ শৰ্মা, ডাঃ ভূপেন্দ্ৰ ৰায়চৌধুৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ অৱক্ষ মূৰ্তিটো মুকলি কৰে সমাজ সেৱিকা কণিকা বৰদলৈয়ে । বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰা এই আৱক্ষমূৰ্ত্তিটো হাস্পতাল চৌহদতে স্থাপন কৰা হয় । আনহাতে প্ৰয়াত বৰদলৈৰ আত্মজীৱনী 'জীৱনৰ গতি পথ' উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকাই । 'জীৱনৰ গতি পথ' গ্রন্থখন সম্পাদন কৰি উলিয়াই সাংবাদিক তথা লেখক নয়ন কুমাৰ শৰ্মাই ।

বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকাই ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ স্মৃতি চাৰণ কৰি কয়, "আত্মজীৱনীয়ে প্ৰত্যেকৰে জীৱন সংগ্রাম প্ৰতিফলিত কৰে । জীৱনৰ প্ৰতিটো দিশেই ইয়াত প্ৰতিফলিত হয় । সেয়ে আত্মজীৱনী অধ্যয়নৰ খুবেই প্ৰয়োজন আছে । জীৱনৰ গতিপথত এনে সকলোবোৰ বিষয় সন্নিৱিষ্ট হৈ আছে য'ত লুকাই থাকে মানৱতা ।" তেওঁ লগতে বৰদলৈৰ আত্মজীৱনীখন প্ৰকাশ কৰি উলিয়াই পৰিয়ালৰ লোকে এক মহৎ কাম সম্পাদনা কৰিলে বুলি মন্তব্য আগবঢ়ায় ।

সভাৰ আৰম্ভণিতে প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈ আৰু তেওঁৰ সহধর্মিনী কমলা (পূৰ্ণিমা) দেৱী বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল‍্যাপৰ্ণ কৰে ড৹ ভূপেন ৰায়চৌধুৰীয়ে । পুষ্পাঞ্জলি অৰ্পন কৰে ডাঃ অনিল শৰ্মাৰ লগতে ডাঃ বৰদলৈৰ পৰিয়ালবৰ্গই । সভাত ডাঃ মৈত্ৰেয়ী কলিতাই স্ত্ৰোত পাঠ কৰাৰ লগতে কণ্ঠশিল্পী বিপুল বৰুৱা, প্ৰশান্ত বৰদলৈয়ে গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক: কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ সন্মান