ETV Bharat / state

কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ সন্মান

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:15 PM IST

KKH Library Honoured With Best University Library Award
কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ সন্মান

Krishna Kanta Handique Library : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়লৈ বিশেষ সন্মান । ইণ্ডিয়ান লাইব্ৰেৰী এছ'চিয়েশ্বনৰ ৬৯ সংখ্যক অধিবেশনত দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ সন্মান আগবঢ়োৱা হয় কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ ৷ অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ এয়া এক আশাৰ খবৰ ।

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী: এটা ভাল লগা খবৰ ৷ ফাগুন আগমনৰ প্ৰাকমুহূৰ্তত এই ভাল লগা খবৰটো উৰি আহিছে অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ ৷ ড৹ ভূপেন হাজৰিকাৰ কথাৰে শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে লুইতৰ পাৰ জিলিকোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে কঢ়িয়াই আনিছে এই ভাল লগা খবৰটো ৷ দেশৰ সকলো বিশ্ববিদ্যালয়ৰ পুথিভৰাঁলসমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালে লাভ কৰিছে শ্ৰেষ্ঠত্বৰ সন্মান ৷

ইণ্ডিয়ান লাইব্ৰেৰী এছ'চিয়েশ্বনে আমাৰ এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনলৈ এই সন্মান আগবঢ়াইছে ৷ এছ'চিয়েশ্বনৰ ৬৯ সংখ্যক অধিবেশনত এই সন্মান আগবঢ়োৱা হয় কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ ৷ উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ মাত্ৰ এটা বছৰৰ পিছতে ১৯৪৮ চনত স্থাপন কৰা হৈছিল এই পুথিভঁৰাল ৷ অৱশ্যে কৃষ্ণচূড়াৰ দেশ জালুকবাৰীত প্ৰথমে ইয়াক স্থাপন কৰা হোৱা নাছিল ৷ কৰা হৈছিল গুৱাহাটী মহানগৰীৰ চান্দমাৰীত ৷

যি ঠাইত এই পুথিভঁৰাল স্থাপন কৰা হৈছিল সেই সমগ্ৰ অঞ্চলটোকেই এতিয়াও জনা যায় অল্ড ইউনিভাৰ্চিটি ৰোড নামেৰে ৷ পৰৱৰ্তী সময়ত ইয়াক স্থানান্তৰিত কৰা হয় জালুকবাৰীলৈ ৷ সম্প্ৰতি কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিকৰ গুৰু দায়িত্বত আছে প্ৰশান্ত কুমাৰ দাস ৷ আজিৰ তাৰিখত এই ঐতিহাসিক পুথিভঁৰালটোত আছে ২ লাখ ৮২ হাজাৰ ৭০১ খন গ্ৰন্থ ৷ ৩৫ হাজাৰ ৯৯৫ খন পত্ৰিকা আৰু ৬ হাজাৰ ২৬৮ খন গৱেষণা পত্ৰও আছে কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালত ৷

৪৫০০ খন সাঁচিপাতৰ পুথিও আছে এই পুথিভঁৰালত ৷ মন কৰিবলগীয়া যে পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিগত পুথিভঁৰালত থকা ৭ হাজাৰ ৫৯৩ খন মূল্যবান গ্ৰন্থও সংৰক্ষিত হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পুথিভঁৰালত ৷ বিশ্বৰ মুঠ ১১ টা ভাষাৰ গ্ৰন্থ আছে কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালটোত ৷ অসমীয়া আৰু কেইবাটাও ভাষাৰ উপৰিও ইয়াত আছে স্পেনিছ, ইংৰাজী, ফ্ৰাঞ্চ, গ্ৰীক, জাৰ্মান, ইটালিয়ান, ৰাছিয়ান, পালি, সংস্কৃত, লেটিন আৰু প্ৰাকৃত ভাষাৰ গ্ৰন্থ ৷

লগতে পঢ়ক: বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জ্যেষ্ঠ নাগৰিক, সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.