ETV Bharat / state

বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জ্যেষ্ঠ নাগৰিক, সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 6:49 AM IST

Interact session in Barpeta: বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে বৰপেটাৰ জ্যেষ্ঠ নাগৰিক, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাংবাদিকৰ লগত হাস্পতাল কৰ্তৃপক্ষৰ মাজত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷

Interact session in Barpeta
ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জ্যেষ্ঠ নাগৰিক, সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান

ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জ্যেষ্ঠ নাগৰিক, সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান

বৰপেটা, ৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডক ৰাইজৰ অধিক ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে বৰপেটাৰ জ্যেষ্ঠ নাগৰিক, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাংবাদিকৰ লগত হাস্পতাল কৰ্তৃপক্ষৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে । চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে হাস্পতালখনৰ কৰ্তৃপক্ষই ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপলব্ধ সা-সুবিধাসমূহৰ বিষয়ে অৱগত কৰে ।

একেদৰে উপস্থিত লোকসকলৰ পৰা বিভিন্ন অভাৱ-অভিযোগৰো বুজ লয় । এই অনুষ্ঠানটোৱে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক নতুন গতি প্ৰদানত বিশেষভাৱে সহায় কৰিব বুলি অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে কয় ।

ডাঃ তালুকদাৰে লগতে সদৰী কৰে যে ২০১০ চনত স্থাপিত চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান দৈনিক বৰ্হিঃবিভাগৰ ৰোগীৰ গড় সংখ্যা পূৰ্বৰ চাৰিশৰ পৰা এহেজাৰলৈ বৃদ্ধি হৈছে । ইয়াৰ উদাহৰণ হিচাপে ডাঃ তালুকদাৰে কয় যে ২০১৯ চনত চিকিৎসা মহাবিদ্যালয়খনত বৰ্হিঃবিভাগৰ মুঠ ৰোগীৰ সংখ্যা আছিল ১ লাখ ৮৭ হাজাৰ ৮২৬ গৰাকী । সেই সংখ্যা ২০২৩ চনত ২ লাখ ২৪ হাজাৰ ৮০৫ গৰাকীলৈ বৃদ্ধি হয় ।

ৰোগীৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাৰ সা-সুবিধাও বৃদ্ধি হৈছে । হাস্পতালখনত অতিশীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা মাতৃ আৰু শিশুৰ ১০০ খন বিচনাযুক্ত পৃথক চিকিৎসালখন অতি শীঘ্ৰে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তদুপৰি ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় এখনৰ নিৰ্মাণৰ কামো সোনকালে আৰম্ভ হ’ব । আনহাতে, মত বিনিময়ৰ সময়ত লাভ কৰা অভিযোগবোৰো পাৰ্যমানে নোহোৱা কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি ডাঃ তালুকদাৰে জনায় ।

লগতে পঢ়ক: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰণি জনাই খানাপাৰাত লক্ষাধিক বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.