ETV Bharat / state

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰণি জনাই খানাপাৰাত লক্ষাধিক বন্তি প্ৰজ্বলন

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:23 PM IST

PM Modi Visit Assam : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ বাবে ৰাজ্যিক বিজেপিৰ হাজাৰ হাজাৰ নেতা-কৰ্মীয়ে লক্ষাধিক বন্তি প্ৰজ্বলন কৰি সমগ্ৰ পৰিৱেশ আলোকিত কৰি তোলে ৷ আলোকিত হৈ পৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ৷

PM Modi Visit Assam
প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ অভিনৱ প্ৰয়াস প্ৰদেশ বিজেপিৰ
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰণি ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, 3 ফেব্ৰুৱাৰী : আলোকিত হৈ পৰিল গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ৷ লক্ষাধিক বন্তিৰে আলোকিত হৈ পৰিল খানাপাৰাৰ চৌপাশ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ অভিনৱ প্ৰয়াস প্ৰদেশ বিজেপিৰ ৷

উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ শনিবাৰে সন্ধিয়া গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ৷ ইফালে প্ৰধানমন্ত্ৰী মোদীৰ আগমণ উপলক্ষ্যে খানাপাৰাত প্ৰদেশ বিজেপিৰ হাজাৰ হাজাৰ নেতা-কৰ্মীয়ে লক্ষাধিক বন্তি প্ৰজ্বলন কৰি সমগ্ৰ পৰিৱেশ আলোকিত কৰি তোলে ৷ লক্ষাধিক বন্তিৰ আলোকেৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোদীক ৷ বিমান বন্দৰতো প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয় ৷

ইফালে নৰেন্দ্ৰ মোদীৰ জনসভালৈ ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা বাইকেৰে আহি আজি গুৱাহাটীত উপস্থিত হয় বিজেপিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা ৷ বৰঝাৰৰ পৰা গুৱাহাটীৰ মাজেৰে ৰাজ্যিক অতিথিশাললৈ আহে প্ৰধানমন্ত্ৰী মোদী ৷ প্ৰধানমন্ত্ৰীক চাবৰ বাবে ৰাজপথৰ দুয়োকাষে বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷ নিশাৰ ভাগত প্ৰধানমন্ত্ৰীয়ে প্ৰদেশ বিজেপিৰ ক'ৰ কমিটিৰে আলোচনাত মিলিত হয় ৷ আজি নিশাটো ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত দেওবাৰে দিনৰ 11.30 বজাত প্ৰধানমন্ত্ৰীয়ে খানাপাৰাৰ খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব ৷ এই সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী 11,599 কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷

প্ৰধানমন্ত্ৰী মোদীৰ সভাত একৰ পৰা ডেৰ লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে মোদীৰ সভালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পাঁচ হাজাৰ লাখপতি বাইদেউক অনাৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে যান-বাহনৰ চলাচলত কেতবোৰ পথ নিৰ্দেশনা জাৰি কৰা হৈছে ৷

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.