য়েহেকো মেম'ৰিয়েল বিদ্য়ালয় ভোটকেন্দ্ৰত নপৰিল এটাও ভোট - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:55 PM IST

thumbnail
()

সৰুপথাৰ,১৯ এপ্ৰিল: কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৰ 205 নং য়েহেকো মেম'ৰিয়েল বিদ্য়ালয় ভোটকেন্দ্ৰত নপৰিল এটাও ভোট ৷ প্ৰয়াত সীমান্ত উন্নয়ন মন্ত্ৰী বিনোদ গোৱালাৰ দিনতে স্থাপন হোৱা এই বিদ্য়ালয়খনৰ ভোট কেন্দ্ৰটোত আছিল সৰ্বমুঠ ২৫ গৰাকী ভোটাৰ । ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা ১১ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ১৪ জন ৷

ভোট কেন্দ্ৰটোলৈ বিষয়াসকল গৈছিল যদিও খালী ই ভি এম লৈ উভতিল বিষয়া-কৰ্মচাৰীসকল ৷ এই অঞ্চলটো বিবদমান হোৱাৰ বাবেই অঞ্চলটোৰ ৰাইজে ভোটদান কৰে নাগালেণ্ডত ৷ উল্লেখযোগ্য যে ভোটদান হোৱা বিদ্যালয়খনৰ নামফলকত নাগালেণ্ডৰ নিউলেণ্ড বুলি উল্লেখ থকাৰ লগতে বিদ্যালয়খন নাগালেণ্ডৰ বুলি দাবী কৰে নগা লোকে ৷ এই ভোট কেন্দ্ৰটো অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছিল নিৰ্বাচন আয়োগে ৷

লগতে পঢ়ক:ভোটদানৰ শেষ মুহূৰ্তত বতৰে দিলে বিধি-পথালি: মোবাইলৰ পোহৰত ভোটদান - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.