গৌৰীসাগৰত দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ; কথমপি প্ৰাণৰক্ষা বহুজনৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 10:26 AM IST

thumbnail

আমগুৰি, ২২ ফেব্ৰুৱাৰী : আকৌ বাছ দুৰ্ঘটনা ৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বুধবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয় এখন বাছ । তথ্য অনুসৰি, গৌৰীসাগৰৰ শান্তিপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল প্ৰায় ৪০ গৰাকী যাত্ৰী ৷ অৱশ্যে এই দুৰ্ঘটনাত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, গুৱাহাটীৰ পৰা দুলীয়াজানলৈ আহি আছিল গুৰুনানক নামৰ এখন নৈশ বাছ । তেতিয়াই শান্তিপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্মুখৰ পৰা আহি আছিল এখন ট্ৰেলাৰ ৷ এই ট্ৰেলাৰখনৰ সৈতে হ’বলগীয়া সংঘৰ্ষক বচাবলৈ গৈ খাৱৈত পৰে নৈশ বাছখন । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS০৬ BC৫১২৫ ।

বাছ চালকৰ উপস্থিত বুদ্ধিৰ বাবেই কথমপি প্ৰাণৰক্ষা পৰে বহু লোকৰ ৷ ইফালে এই ঘটনাৰ বিষয়ে তথ্য লাভ কৰিয়েই দুৰ্ঘটনাস্থলীত উপস্থিত হয় গৌৰীসাগৰ আৰক্ষী ৷ তাৰ পাচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰে ।

লগতে পঢ়ক : সদাব্যস্ত ৰাজপথৰ দ গাঁতত সোমাল বাহন, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰাৰ অভিযোগ ছাত্ৰ মুক্তিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.