নলবাৰীত চতুৰ্দ্দশ অসম আৰক্ষীৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:58 PM IST

thumbnail

নলবাৰী, ৮ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । ১৯৮৭ চনৰ ৮ ফেব্ৰুৱাৰীত দৌলাশালত স্থাপন কৰা হৈছিল চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়টো । ১৯৮৮ চনৰ ৮ ফেব্ৰুৱাৰীত সেই সময়ৰ অসম চৰকাৰৰ গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনে দৌলাশালত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল । বৃহস্পতিবাৰে ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ- মালহেৰে বাহিনীটোৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক IPS সুপ্ৰিয়া দাস । জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলন কৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে । 

বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিতে আদৰণি ভাষণ প্ৰদান কৰি বাহিনীৰ শ্বহীদ জোৱানসকলক স্মৰণ কৰাৰ লগতে জাতিৰ স্বাৰ্থত নিয়োজিত আৰক্ষী জোৱানসকলৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসা কৰে ৷ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিত, বাহিনীটোৰ জোৱান তথা আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত কেক কাটে । ইয়াৰ পূৰ্বে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিতে । 

উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱসৰ দৃষ্টিনন্দন পেৰেডে উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বাহিনীটোৰ জোৱানসকলৰ লগতে পৰিয়ালবৰ্গ, দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক বাবুল বণিক্য, দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে অকণ চন্দ্ৰ চৌধুৰী, ভবেন কুমাৰ কলিতা, মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক কামৰুজ জামান, বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

লগতে পঢ়ক: ডুমডুমাত বালিৰ অবৈধ সৰবৰাহ ৰুধিবলৈ বন বিভাগে খান্দিলে গাঁত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.