ETV Bharat / state

ডুমডুমাত বালিৰ অবৈধ সৰবৰাহ ৰুধিবলৈ বন বিভাগে খান্দিলে গাঁত

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 8:29 PM IST

Smuggling of sand in Tinsukia
ডুমডুমা বন সংমণ্ডলত অবৈধ খনন

Illegal mining in Doomdooma: ডুমডুমাৰ সমীপৰ বাদলাবেটাৰ এটা বালি ঘাটত বন বিভাগে চলালে অভিযান । কিন্তু ৰহস্য়জনকভাৱে জব্দ নকৰিলে বালি তোলা নাও ।

ডুমডুমা বন সংমণ্ডলত অবৈধ খনন

তিনিচুকীয়া, ৭ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত নদীৰ ঘাটসমূহত অবাধে চলিছে বালি খনন । এই সকলোবোৰ দেখিও ৰহস্যজনকভাৱে নীৰৱ বন বিভাগ । কিন্তু কেতিয়াবা আকৌ হঠাৎ সাৰ পোৱাৰ ভাও ধৰে বিভাগটোৰ একাংশ বিষয়াই । মঙলবাৰে ডুমডুমাৰ সমীপৰ বাদলাবেটাৰ এটা বালি ঘাটত বন বিভাগে অভিযান চলায় । বাদলাবেটা চাহ বাগিচাৰ মাজেৰে বৈ যোৱা ডুমডুমা নদীৰ চাৰি নম্বৰ বালি ঘাটত এক্সাভেটৰৰে বালি সৰবৰাহ কৰা গাড়ী চলাচল কৰা পথত গাঁত খান্দি দিয়ে ।

বাদলাবেটাৰ চাৰি নম্বৰ এই বালি ঘাটটোৰ পৰা প্ৰসাদ উপাধিৰ বালি মাফিয়াই বন বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰসাদ উপাধিৰ বালি মাফিয়াৰ বালি সৰবৰাহ কৰা এখন বাহনৰ খুন্দাত ফিল'বাৰীত দুগৰাকীকৈ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল । ইফালে, সোমবাৰেও বন বিভাগৰ এটা দলে বাদলাবেটাৰ উক্ত স্থানত অভিযান চলাই তিনি নম্বৰ ঘাটৰ পৰা টিপি খেলিমেলিৰ অভিযোগত কেইবাখনো বালি ভৰ্তি বাহন জব্দ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সাংবাদিকে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বন প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যালয়ত বিষয়াৰ সাক্ষাৎকাৰ সংগ্ৰহ কৰিবলৈ গৈছিল যদিও ৰহস্যজনকভাৱে বনাঞ্চলিক বিষয়াগৰাকীয়ে সাংবাদিকক সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত থাকে । ডুমডুমা বন সংমণ্ডল অন্তৰ্গত বিভিন্ন স্থানত কৰ ফাঁকিৰে চলি অহা অবৈধ ঘাটসমূহ বন্ধ কৰিবলৈ বীৰ লাচিত সেনা, অসমৰ ডুমডুমা আঞ্চলিক সমিতিয়ে দাবী জনাইছে । উক্ত অবৈধ বালি ঘাট সমূহৰ পৰা বিভাগৰ কোনো বিষয়াই কমিচনৰ ভাগ পাই নেকি সেয়াও তদন্ত কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে ।

লগতে পঢ়ক: গোৱালপাৰা পৌৰসভাৰ চাফাইকৰ্মীৰ প্ৰতিবাদ; চাকৰি নিয়মীয়াকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.