ETV Bharat / state

গোৱালপাৰা পৌৰসভাৰ চাফাইকৰ্মীৰ প্ৰতিবাদ; চাকৰি নিয়মীয়াকৰণৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 2:23 PM IST

Protest at Goalpara Municipality : চাকৰি নিয়মীয়াকৰণৰ দাবীত গোৱালপাৰা পৌৰসভাৰ চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ । পৌৰসভাখনৰ অস্থায়ী কৰ্মচাৰীসকলে পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে, চৰকাৰী নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন পৌৰপতি মহানন্দ পাঠকৰ ।

গোৱালপাৰা পৌৰসভাৰ চাফাইকৰ্মীৰ প্ৰতিবাদ
গোৱালপাৰা পৌৰসভাৰ চাফাইকৰ্মীৰ প্ৰতিবাদ
গোৱালপাৰা পৌৰসভাৰ চাফাইকৰ্মীৰ প্ৰতিবাদ

গোৱালপাৰা, ৭ ফেব্ৰুৱাৰী : বুধবাৰে গোৱালপাৰা পৌৰসভা কাৰ্যালয়ৰ সন্মুখত চাকৰি নিয়মীয়াকৰণৰ দাবীত পৌৰ কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক চাফাইকৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে পৌৰসভাখনত কৰ্মৰত চাফাইকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চাফাইকৰ্মী সংগঠনসমূহে দীৰ্ঘদিন ধৰি আবেদন-নিবেদন কৰি আহিছে ।

পৌৰসভাৰ চাফাইকৰ্মী সংগঠনসমূহৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ২০২৩ বৰ্ষৰ জুলাই মাহত অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিবে অসম চৰকাৰৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত আৰু সঞ্চালকক লিখিত নিৰ্দেশ প্ৰেৰণ কৰে । উক্ত নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰৰ পৌৰ বিভাগৰ সঞ্চালকে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত ৰাজ্যৰ সকলো পৌৰসভাৰ চাফাইকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলক লিখিত নিৰ্দেশ প্ৰেৰণ কৰে ।

উক্ত নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাবে গোৱালপাৰা পৌৰপতি মহানন্দ পাঠকক ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত পৌৰসভাৰ চাফাইকৰ্মী সংগঠনে লিখিতভাৱে আবেদন জনায় । কিন্তু চৰকাৰী নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি গোৱালপাৰা পৌৰসভাৰ পৌৰপতি মহানদ পাঠকে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চাফাইকৰ্মীসকলে ক্ষুব্ধ হৈ বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক চাফাইকৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানি লওক, পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰক, পৌৰসভাত দুৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । পৌৰসভা চাফাইকৰ্মীসকলে প্ৰতিবাদৰ অন্তত চৰকাৰৰ চাৰ্কুলাৰমৰ্মে চাকৰি নিয়মীয়া কৰাৰ ব্যৱস্থা কৰা, চাফাইকৰ্মীৰ লগত জড়িত সকলো গাড়ীচালকক সমান মজুৰি দিয়া, হৰিজন চাফাইকৰ্মীসকলক উপযুক্ত মজুৰি দিয়া আৰু সকলো চাফাইকৰ্মীক সমান কামৰ সমান মজুৰি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ পৌৰপতি মহানন্দ পাঠকক প্ৰদান কৰে ।

লগতে পঢ়ক :চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ ১৩ ঘন্টীয়া অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.