নগাঁৱত আৰক্ষীয়ে বন্ধ কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পথ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:06 AM IST

thumbnail

নগাঁও, 22 জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত পুনৰ বাধা ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ । পুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হোৱাৰ কাৰ্যসূচী আছিল যদিও হয়বৰগাঁৱত পথ বন্ধ কৰি দিয়ে আৰক্ষীয়ে । হয়বৰগাঁৱৰ পৰা বটদ্ৰৱালৈ যোৱা মূল পথত বেৰিকেড লগাই দিয়ে নগাঁও আৰক্ষীয়ে । ফলত বন্ধ হৈ পৰে মূল পথটো । 

উল্লেখযোগ্য যে, ৰাহুল গান্ধীক সোমবাৰে তিনি বজাৰ পূৰ্বে বটদ্ৰৱা থানত প্ৰৱেশত বাধা আৰোপ কৰিছিল থান পৰিচালনা সমিতিয়ে । কিন্তু তাৰ পিছতো পুৱাই 8 বাজি 15 মিনিটত বটদ্ৰৱা থানত ৰাহুল গান্ধী উপস্থিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও আৰক্ষীয়ে পথ বন্ধ কৰি দিয়াত পুনৰ বাধাৰ সন্মুখীন হয় ৰাহুল গান্ধী ।

ভাৰত জোড়ো অভিযানৰ ৰাষ্ট্ৰীয় সমন্বয়ক যোগেন্দ্ৰ যাদৱে এই সমস্ত ঘটনাক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.