মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তৰ গড়বস্তিত নগাৰ আগ্ৰাসন

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:29 AM IST

thumbnail

গোলাঘাট, 25 জানুৱাৰী : অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি ৷ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তিত অসমীয়া লোকৰ ভূমি দখলৰ চেষ্টা নগা দুৰ্বৃত্তৰ ৷ গছ-গছনি কাটি তহিলং কৰি ভূমি বেদখলৰ চেষ্টা নগাৰ । উল্লেখ্য যে, গড়বস্তিৰ জিতেন চুতীয়া নামৰ এজন লোকৰ দখলত থকা প্ৰায় 30 বিঘা ভূমিত নগাই কাটি তহিলং কৰিলে গছ ।

উক্ত ঘটনাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় সীমান্তত নিয়োজিত 142 নং চি আৰ পি এফ আৰু আৰক্ষীৰ দল । ইফালে, ভূমি বেদখলত বাধা প্ৰদান কৰিবলৈ যোৱা আৰক্ষী আৰু সেনাক নগা দুৰ্বৃত্তই ভাবুকি প্ৰদান কৰে । আনহাতে, পূৰ্বেও নগাই উক্ত অঞ্চলত গছ-গছনি কাটি তহিলং কৰি ভূমি দখলৰ চেষ্টা কৰিছিল যদিও সেনাৰ বাধাৰ বাবে থমকিব লগা হৈছিল নগাই । উক্ত ঘটনা পোহৰলৈ অহাৰ পাচতে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ; আতংকিত ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.