কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ; আতংকিত ৰাইজ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 4:00 PM IST

thumbnail

কলিয়াবৰ, 24 জানুৱাৰী : কলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ মঙলবাৰে নিশা কলিয়াবৰৰ শ্ৰৱণী সত্ৰ, সৰুভগীয়া গাঁৱত বন্যহস্তীৰ তাণ্ডৱ ৷ নিশাৰ ভাগত হাতীয়ে উপদ্ৰৱ চলাই কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে ৷

শ্ৰৱণীসত্ৰত নিশা এটা ধান বনা কল, পাকঘৰ ভাঙি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুভগীয়াতো তাণ্ডৱ সৃষ্টি কৰে ৷ সৰুভগীয়াৰ কেইবাঘৰো লোকৰ ভঁৰাল ভাঙি ধান খাই তহিলং কৰে বনৰীয়া হাতীয়ে ৷ প্ৰত্যেক্ষদৰ্শীৰ মতে এই অঞ্চলত দুটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷  

ধাননি পথাৰ উদং হোৱাৰ পিছতে খাদ্যৰ সন্ধানত জনাঞ্চলত উপদ্ৰৱ আৰম্ভ কৰিছে বনৰীয়া হাতীয়ে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে গঞা ৰাইজ ৷ ইফালে বনৰীয়া হাতীৰ পৰা বন বিভাগে সুৰক্ষা দিব নোৱৰাক লৈ অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে যদিও নিৰ্বিকাৰ হৈ আছে বন বিভাগ ৷
 

লগতে পঢ়ক : মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.