কিয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন সাংসদ তপন গগৈ ?

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 4:28 PM IST

thumbnail

যোৰহাট, 21 ফেব্ৰুৱাৰী: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন সাংসদ তপন গগৈ । দিখৌমুখত অনুষ্ঠিত সভাত অংশগ্ৰহণৰ সময়তে সংঘটিত হয় অঘটন ।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে যোৰহাট লোকসভা সমষ্টি সাংসদগৰাকী ৷ উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ দিখৌমুখৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে সাংসদ তপন গগৈ হঠাৎ পিচলি পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ জানিব পৰা মতে সাংসদগৰাকীয়ে সোঁ ভৰিত গুৰুতৰভাৱে আঘাত পায় । ফলত উন্নত চিকিৎসাৰ বাবে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰী কক্ষত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ বৰ্তমান সাংসদগৰাকীক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাৰ লগতে নিৰীক্ষণ কৰি থকা হৈছে ।ইতিমধ্যে আঘাতপ্ৰাপ্ত সাংসদগৰাকীক চিকিৎসাধীন হৈ থকাৰ খবৰ লাভ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত প্ৰশাসনৰ উচ্চপদস্থ লোকসকল উপস্থিত হৈছে ।লগতে পঢ়ক: সাংসদ তপন গগৈৰ কাম-কাজত অসন্তুষ্ট যোৰহাটবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.