উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত মৰিগাঁৱত উপস্থিত বিজেপি নেতৃত্ব

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:11 AM IST

thumbnail

মৰিগাঁও, 28 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি মঙলবাৰে মৰিগাঁৱত ভৱিষ্যদ্বাণী কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । মঙলবাৰে মৰিগাঁও জাগীৰোড পৰিদৰ্শন বাংলোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে উপস্থিত হয় সাংসদগৰাকী ৷ নগাঁও লোকসভা সমষ্টিটোত প্ৰাৰ্থী আঁচনিৰ সন্দৰ্ভত দলীয় কৰ্মীৰ মতামত ল’বলৈ উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাছা । 

মঙলবাৰে ৰাজ্যৰ 12 টা লোকসভা সমষ্টিৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব শাসকীয় বিজেপিয়ে ৷ ইয়াৰ অংশৰূপে নগাঁও লোকসভা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত দলীয় কৰ্মীৰ মতামত গ্ৰহণ কৰিবলৈ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো উপস্থিত হয় মৰিগাঁৱত । 

সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত জাগীৰোডস্থিত মৰিগাঁও জিলা প্ৰশাসনৰ পৰিদৰ্শন বাংলোত দলীয় কৰ্মকৰ্তাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় দুয়োগৰাকী নেতা ৷ আনহাতে, নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি দাবী কৰি নৰেন্দ্ৰ মোদী অবিসম্বাদী নেতা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে তাছাই ৷ 

লগতে কংগ্ৰেছ আৰু এআইইউডিএফ দলে নগাঁও লোকসভা সমষ্টিত জয়ী হ’ব নোৱাৰে বুলিও দাবী কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

লগতে পঢ়ক: নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.