উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত মৰিগাঁৱত উপস্থিত বিজেপি নেতৃত্ব - মৰিগাঁও জাগীৰোড পৰিদৰ্শন বাংলো

🎬 Watch Now: Feature Video

thumbnail
উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত মৰিগাঁৱত বিজেপি নেতৃত্ব (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:11 AM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 28 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি মঙলবাৰে মৰিগাঁৱত ভৱিষ্যদ্বাণী কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । মঙলবাৰে মৰিগাঁও জাগীৰোড পৰিদৰ্শন বাংলোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে উপস্থিত হয় সাংসদগৰাকী ৷ নগাঁও লোকসভা সমষ্টিটোত প্ৰাৰ্থী আঁচনিৰ সন্দৰ্ভত দলীয় কৰ্মীৰ মতামত ল’বলৈ উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাছা । 

মঙলবাৰে ৰাজ্যৰ 12 টা লোকসভা সমষ্টিৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব শাসকীয় বিজেপিয়ে ৷ ইয়াৰ অংশৰূপে নগাঁও লোকসভা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত দলীয় কৰ্মীৰ মতামত গ্ৰহণ কৰিবলৈ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো উপস্থিত হয় মৰিগাঁৱত । 

সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত জাগীৰোডস্থিত মৰিগাঁও জিলা প্ৰশাসনৰ পৰিদৰ্শন বাংলোত দলীয় কৰ্মকৰ্তাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় দুয়োগৰাকী নেতা ৷ আনহাতে, নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি দাবী কৰি নৰেন্দ্ৰ মোদী অবিসম্বাদী নেতা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে তাছাই ৷ 

লগতে কংগ্ৰেছ আৰু এআইইউডিএফ দলে নগাঁও লোকসভা সমষ্টিত জয়ী হ’ব নোৱাৰে বুলিও দাবী কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

লগতে পঢ়ক: নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details