ETV Bharat / politics

নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ?

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 1:26 PM IST

Lok Sabha election 2024 : মহাৰণ হ’ব নেকি কংগ্ৰেছত ? কংগ্ৰেছৰ অসমৰ প্ৰার্থী তালিকা প্ৰেৰণ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিলৈ ৷ ৰণত পৰিব নেকি প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক ?

Lok Sabha election 2024
লোকসভা নিৰ্বাচনত কোন কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ?

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচনত কোন কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ? চৰ্চাৰ শীৰ্ষত আছে এই প্ৰসংগ ৷ বিশেষকৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বক লৈ ব্যাপক চৰ্চা হৈছে শাসক বিৰোধী দুয়োপক্ষৰ মাজতে । চৰ্চালৈ আহিছে দলটোৰো সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ ৰাজনৈতিক ভৱিষ্যতকলৈ । তাৰ মাজতে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ প্ৰার্থীৰ তালিকা প্ৰদেশ কংগ্ৰছে প্ৰেৰণ কৰিছে কংগ্ৰেছ নিৰ্বাচনী সমিতি (CIC) লৈ ।

Lok Sabha election 2024
লোকসভা নিৰ্বাচনত কোন কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ দ্বাৰা গঠন কৰা বাচনি কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ পাচত এই তালিকা দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিলৈ প্ৰেৰণ কৰা হয় । কংগ্ৰেছৰ তৰফৰ পৰা এই প্ৰাৰ্থী তালিকা এই পৰ্যন্ত ৰাজহুৱা কৰা হোৱা নাই ৷ প্ৰদেশ কংগ্ৰেছৰ এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, ৰাজ্যিক বাচনি কমিটিৰ ফালৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তালিকাত কোন কোন আছে তাৰ উমান পোৱা গৈছে ৷

সেই অনুসৰি নগাঁও লোকসভা সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ নাম প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে । একেদৰে গুৱাহাটীত মীৰা বৰঠাকুৰ, দ্বিজেন শর্মা, বৰাক উপত্যকাৰ শিলচৰত নৈঋতা জয়শুক্লা আৰু সৌম্যকান্তি পুৰকায়স্থৰ নাম কংগ্ৰেছৰ প্ৰাৰ্থীক তালিকাত সন্নিৱিষ্ট হৈছে ।

Lok Sabha election 2024
মহাৰণ হ’ব নেকি কংগ্ৰেছত ?

লগতে পঢ়ক : শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ? শাসক-বিৰোধীৰ যুদ্ধকালীন তৎপৰতা

একেদৰে কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰার্থী তালিকাত পূৰ্বৰ চৰ্চা অনুসৰিয়েই আছে হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু জুবেইৰ আলম । আনহাতে বৰপেটা সমষ্টিৰ পৰা বিদায় মাগিবলগীয়া হৈছে বৰ্তমানৰ সাংসদ আব্দুল খালেকে ৷ বৰপেটা লোকসভা সমষ্টিৰ তালিকাত আছে দীপ বায়ন, ববিতা শৰ্মাৰ নাম ।

মনকৰিবলগীয়া যে, ডিব্ৰুগড় লোকসভা সমষ্টিটো কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক প্ৰক্ষেপ কৰিবলৈ প্ৰায় সাজু হৈছে ৷ ইতিমধ্যেই সন্মত হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বও ৷ আম আদমী পাৰ্টীয়ে অসমত নিজাববীয়াকৈ ৩ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিচত নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হয় লুৰিণজ্যোতি গগৈ ৷

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

কেৱল আনুষ্ঠানিক নিয়ম মাফিকভাৱে প্ৰস্তুত কৰা ডিব্ৰুগড় সমষ্টিৰ প্ৰার্থী তালিকাত নীলনেত্ৰ নেওগ, ৰাজু চাহু আৰু দুর্গা ভূমিজৰ নাম সন্নৱিষ্ট হৈছে । নতুনকৈ গঠিত কাজিৰঙা সমষ্টিৰ তালিকাত আছে ৰ'জলীনা তিকী, গোলাপ শইকীয়াৰ নাম ।

গুৰুত্বপূৰ্ণ হৈ পৰিছে যোৰহাট লোকসভা সমষ্টি ৷ যোৰহাটৰ বাবে প্ৰেৰণ কৰা হৈছে দুজনীয়া প্ৰার্থী তালিকা । সমষ্টিটোত এই দুজনীয়া তালিকাত নাম আছে বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নামো ৷ বিজেপিৰ ৰণনীতিৰ ওপৰত নিৰ্ভৰ কৰি যোৰহাটত প্ৰাৰ্থী চূড়ান্তো কৰিব কংগ্ৰেছে ৷

নৱগঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে আছে তিনিজনকৈ প্ৰাৰ্থীৰ নাম ৷ তেওঁলোক হ’ল - বর্ণালী ফুকন, আৰ পি শর্মা আৰু প্ৰেমলাল গুঞ্জুৰ । একেদৰেই নতুনকৈ গঠিত দৰং-ওদালগুৰি সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ বাচনি কমিতিয়ে মাধৱ ৰাজবংশী, বসন্ত দাস আৰু প্ৰবীণ বড়োৰ নাম প্ৰেৰণ কৰিছে ।

ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তালিকাখনত লখিমপুৰ সমষ্টিৰ প্ৰার্থী হিচাবে আছে ৰাণী নৰহ আৰু উদয়শংকৰ হাজৰিকাৰ নাম । বিজেপিৰ বহু পুৰণি নেতা জয়শংকৰ হাজৰিকাই শেহতীয়াভাৱে যোগদান কৰিছিল কংগ্ৰেছ দলত । সকলো ঠিকে থাকিলে জয়শংকৰ হাজৰিকাকে টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা লুৰীণজ্যোতি গগৈৰ

ডিফু লোকসভা সমষ্টিৰ বাবেও তালিকাত জয়ৰাম ইংলেং, চুম' বংহাং আৰু ক্লেন্দং ইংতিৰ নাম সন্নিৱিষ্ট কৰা হৈছে । আন এক গুৰুত্বপূৰ্ণ সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে তালিকাত নাম আছে গর্জন মুছাহাৰী, প্ৰাণজিৎ বসুমতাৰী আৰু প্ৰবীণ বড়ো - এই তিনিগৰাকীৰ নাম । বৰ্তমান বদৰুদ্দিন আজমল সাংসদ ৰূপে থকা ধুবুৰী লোকসভাৰ প্ৰাৰ্থীৰ তালিকাত আছে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক, আব্দুল হামিদ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ নাম ৷

Lok Sabha election 2024
মহাৰণ হ’ব নেকি কংগ্ৰেছত ?

এই তালিকাৰ বিপৰীতে কংগ্ৰেছৰ ভিতৰুৱা তথ্যমতে নগাঁও সমষ্টিত শেষত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ পক্ষত আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব । যোৰহাট সমষ্টিতকৈ ভোটৰ গঠন সন্দৰ্ভত নগাঁও সমষ্টিত গৌৰৱ গগৈৰ জয়ৰ পথ বেছি সুচল হ’ব বুলি আশা কৰিছে কংগ্ৰেছ নেতৃত্বই ।

বিপৰীতে অসমত কংগ্ৰেছৰ বাকী সহযোগী দলসমূহে যোৰহাট সমষ্টিৰ পৰাই গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাটো বিচাৰি আহিছে ৷ যদিহে নগাঁৱত গৌৰৱ গগৈক আৰু ধুবুৰীত ৰকিবুল হুচেইনক কংগ্ৰছে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে তেন্তে কংগ্ৰেছে আভ্যন্তৰীণ কন্দলৰ সন্মুখীন হ’ব লাগিব যে সেয়া প্ৰায় নিশ্চিত ৷ কিয়নো গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা নিৰ্বাচন খেলিলে বঞ্চিত হ’ব বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৷

নগাঁৱৰ পৰিৱৰ্তে কোনো সমষ্টিতে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত নহয় প্ৰদ্যুৎ বৰদলৈ ৷ আনহাতে ৰকিবুল হুচেইন ধুবুৰীত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ’লে সংকটত পৰিব বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেকৰ ৰাজনৈতিক কেৰিয়াৰ । সেয়ে স্বাভাৱিকতে এতিয়া প্ৰশ্ন হৈছে লোকসভাৰ প্ৰাৰ্থিত্বক লৈ মহাৰণ হ’ব নেকি কংগ্ৰেছত ?

লগতে পঢ়ক : হোটেল লিলিত কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.