ETV Bharat / politics

বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা লুৰীণজ্যোতি গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:35 PM IST

Lurinjyoti Gogoi: বৃহস্পতিবাৰে ‘আপ’এ নিজাববীয়াকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচতে বিৰোধী ঐক্যমঞ্চত আকৌ এবাৰ হাহাকাৰ লাগিল ৷ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷

Lurinjyoti Gogoi
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 8 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক-বিৰোধী সকলো তৎপৰ হৈছে । ’২৪ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে ১২ খন আসনত জয়লাভ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে । আনহাতে বিজেপিক লোকসভাত প্ৰতিহত কৰিবলৈ গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ ।

বিৰোধী ঐক্যমঞ্চ গঠন হোৱাৰ পিচতেই যেন শাসক দল বিজেপি লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । অতি শক্তিশালীভাৱে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । কিন্তু ইয়াৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিৰোধী ঐক্যমঞ্চত থকা আম আদমি পাৰ্টীয়ে ৰাজ্যৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ।

ঐক্যমঞ্চত থাকিও আম আদমি পাৰ্টীয়ে নিজাববীয়াকৈ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচতে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আপে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলেও বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

বিৰোধী এক হৈ বিজেপিৰ বিৰুদ্ধে ভোটযুদ্ধত নামিলেহে বিজেপিক পৰাভূত কৰাটো সম্ভৱ বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে ৷ আপে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলেও আলোচনাৰ মাধ্যমেৰেহে বিজেপিৰ বিৰুদ্ধে আগবঢ়া হ'ব বুলি কয় লুৰীণজ্যোতি গগৈয়ে ৷

আম আদমি পাৰ্টীয়ে পুনৰ আলোচনাৰ মাজলৈ নাহিলে বিৰোধী ঐক্যমঞ্চৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দিতা কৰিবনে নাই সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । মুঠৰ ওপৰত আপৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰা পিচতেই কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে আপে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিচতেই ডিব্ৰুগড়ত তাৎক্ষণিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আলোচনাত মিলিত হয় ৷

লগতে পঢ়ক: আপৰ প্ৰাৰ্থী তালিকা দেখি ডিব্ৰুগড়ত আলোচনাত বহিল ভূপেন-লুৰীণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.