ETV Bharat / state

লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 4:18 PM IST

Lurinjyoti Gogoi: শুকুৰবাৰে নিশা দিল্লী পালেগৈ লুৰীণজ্যোতি গগৈ ৷ তাৰ পাচতে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ সাথেৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় গগৈ ৷ এই জৰুৰী বৈঠকতে কংগ্ৰেছ নেতৃত্বই গগৈক ডিব্ৰুগড় সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচন খেলিবলৈ সাজু হ’বলৈ কয় ৷ জানিব পৰা মতে, আপ-এ তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত অৱতীৰ্ণ কৰাওক বা নকৰাওক গগৈয়ে হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী ৷

Candidate for Dibrugarh
কোন হ’ব ডিব্ৰুগড়ৰ বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী

নিউজ ডেস্ক, 10 ফেব্ৰুৱাৰী : ডিব্ৰুগড়কে ধৰি তিনিটা লোকসভা সমষ্টিত আম আদমী পাৰ্টী (আপ) য়ে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ পাচতো এক অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হৈছে বিৰোধী মিত্ৰজোঁট ৷ কিয়নো বিজেপিক প্ৰতিহত কৰিবলৈ 14 টা সমষ্টিতে বিৰোধী মিত্ৰজোঁটে সৰ্বসন্মতভাৱে একো একোজন নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল ৷

কিন্তু এই সিদ্ধান্তৰ মাজতে বিৰোধী মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ 'আপ' এ গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত নিজাকৈ একোজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত মিত্ৰজোঁটৰ সমীকৰণত সৃষ্টি হৈছে খেলিমেলিৰ ৷ যাৰ বাবে শুকুৰবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ততাতৈয়াকৈ দিল্লীলৈ মাতি পঠিয়াই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷ কিয়নো আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাবে লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত ৷

প্ৰাপ্ত তথ্য মতে, শুকুৰবাৰে নিশা দিল্লীত অসমৰ দায়িত্বত থকা দুই শীৰ্ষ কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ সাথেৰ সৈতে সুদীৰ্ঘ সময় ধৰি আলোচনাত মিলিত হয় লুৰীণজ্যোতি গগৈ ৷ এই জৰুৰী বৈঠকৰ পাচতেই শনিবাৰে পুৱা গুৱাহাটীলৈ উভতি আহে লুৰীণজ্যোতি গগৈ ৷ খবৰ অনুসৰি, শুকুৰবাৰৰ নিশাৰ এই বৈঠকত ডিব্ৰুগড় সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰূপে নিৰ্বাচন খেলিবলৈ লুৰীণজ্যোতি গগৈক সাজু হ’বলৈ কয় কংগ্ৰেছ নেতৃত্বই ৷

আপ-এ তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত অৱতীৰ্ণ কৰাওক বা নকৰাওক গগৈয়েই হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী ৷ এই বিষয়ে নিশ্চিত থাকিবলৈ লুৰীণজ্যোতি গগৈক আস্বস্ত কৰি দিয়ে জীতেন্দ্ৰ সিং আৰু পৃথ্বী ৰাজ সাথেই ৷

আনহাতে, একে সময়তে কংগ্ৰেছৰ ফালৰ পৰা লুৰীণজ্যোতি গগৈক জনাই দিয়া হয় যে তেওঁৰ নিৰ্বাচনী ব্যয়ৰ এটা অংশ কংগ্ৰেছৰ ফালৰ পৰাও আগবঢ়োৱা হ’ব ৷ কংগ্ৰেছ নেতৃত্বৰ পৰা এই সেউজ সংকেত লাভ কৰি আজি(শনিবাৰ) পুৱা অজাপৰ সভাপতিগৰাকী একপ্ৰকাৰ এটা ফৰকাল মন লৈ গুৱাহাটীত উপস্থিত হয় ৷ তাৰ পাচতে তেওঁ ৰাওনা হয় ৰঙিয়ালৈ ৷

লগতে পঢ়ক : শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.