কংগ্ৰেছীৰ অন্তৰ্ভুক্তিৰে পুৰণি নেতাৰ চাটাই চলিছে বিজেপিত: গৌৰৱ গগৈ - সদৌ অসম ছাত্ৰ সন্থা

🎬 Watch Now: Feature Video

thumbnail
বিজেপিত এতিয়া চাফাই অভিযান চলিছে : সাংসদ গৌৰৱ গগৈ (undefined)

By ETV Bharat Assamese Team

Published : January 28, 2024 at 6:08 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 28 জানুৱাৰী : একাংশ কংগ্ৰেছীৰ বিজেপিত যোগদান সন্দৰ্ভত মন্তব্য প্ৰকাশ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷ "এতিয়া বিজেপিত যি যোগদান ঘটিছে, সেয়া হৈছে পুৰণা বিজেপিক চাফাই কৰাৰ অভিযান ৷ নতুনকৈ কংগ্ৰেছীক সুমুৱাই পুৰণি বিজেপিৰ লোকসকলক চাফাই কৰাৰ অভিযান চলি আছে ৷ যিসকল কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে সেয়া তেওঁলোকৰ ব্যক্তিগত চিন্তাধাৰা, তাৰ বিষয়ে ক’বলগা একো নাই ৷ এই যোগদান কাৰ্যসূচীয়ে বিজেপিৰ ভিতৰত শীতল যুঁজ চলি থকাৰহে ইংগিত বহন কৰিছে ৷  কংগ্ৰেছ দল পূৰ্বতকৈ অধিক শক্তিশালীহে হৈছে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাজ্যত সফল হ’ল ৷ মুখ্যমন্ত্ৰীৰ সকলো চেষ্টা বিফল হ’ল ৷" এইদৰে কয় গগৈয়ে ৷  

আজিৰ দিনটোত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিপাংক কুমাৰ নাথে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সন্দৰ্ভত চৰাইদেউৰ সোণাৰিত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইফালে ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিব বুলি উলাই থকাৰ বাতৰিটো উৰাবাতৰি বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, বিজেপিয়ে সামাজিক মাধ্যমত ট্ৰ’ল হৈ থকাৰ বাবে নিজৰ স্থিতি ওপৰলৈ আনিবলৈ এনেধৰণে উৰাবতৰি কিছুমান বিয়পাইছে, তাৰ বাহিৰে একো নহয় ৷

লগতে পঢ়ক: কোন কোন নেতাই দেওবাৰে যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details