পৈতৃক সম্পত্তি স্বৰূপেহে গৌৰৱ গগৈ সাংসদ হৈছে : দিলীপ শইকীয়া

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 8:35 PM IST

thumbnail

আমিনগাঁও, 16 ফেব্ৰুৱাৰী : "ৰাজনীতিৰ ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে পেৰাচ্যুট লেণ্ডিং কৰিছে ৷ গৌৰৱ গগৈয়ে সাংসদ হোৱাৰ পূৰ্বে কোনখন গাঁৱৰ বোকাপানী গছকিছিল, কোনখন বুথ কমিটি বনাইছিল, কোনজন কংগ্ৰেছ কৰ্মীৰ ঘৰলৈ গৈছিল ? যদি গৌৰৱ গগৈয়ে দেখুৱাই দিব পাৰে তেন্তে তেওঁক ধন্যবাদ দিম ৷" এই মন্তব্য বিজেপি দলৰ সাংসদ দিলীপ শইকীয়াৰ ৷

আজি বাইহাটাত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই ৷ তেওঁ কয় যে, পৈতৃক সম্পত্তি স্বৰূপেহে গৌৰৱ গগৈ সাংসদ হৈছে ৷ নিজৰ খুড়াকক আতঁৰ কৰি উপ-নিৰ্বাচন পাতি গৌৰৱ গগৈ সাংসদ হৈছে ৷ গতিকে যিসকল লোক নিজৰ বংশ-পৰিয়ালৰ মাজতে সীমাবদ্ধ তেওঁলোকে দেশৰ সাধাৰণ, দুখীয়া জনসাধাৰণৰ কথা কেনেকৈ চিন্তা কৰিব বুলি গৌৰৱ গগৈক কটাক্ষ কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ কোন কোন নেতাই নিশা হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল ? ক’ব দাদু টায়েই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.