হোজাইত মহিলাসহ ছয় সুদখোৰ গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 1:19 PM IST

thumbnail

হোজাই, ১০ ফেব্ৰুৱাৰী: হোজাই জিলাত এইবাৰ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ চলিল অভিযান । হোজাই আৰক্ষীয়ে কালিৰে পৰা জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ছয়জনকৈ সুদখোৰক । উল্লেখযোগ্য যে জিলাখনত বহু দিনৰ পৰাই সুদত টকা দি ৰাইজক হাৰাশাস্তি কৰি অহাৰ অভিযোগ আহিছে একাংশ সুদখোৰৰ বিৰুদ্ধে । চৰকাৰৰ সিদ্ধান্তৰ পিছতেই হোজাই জিলাৰ আৰক্ষী সুদখোৰৰ বিৰুদ্ধে নামিল অভিযানত ।

হোজাই জিলাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী বিষয়া পল্লভ তামুলীয়ে উল্লেখ কৰা মতে, ধৃত সুদখোৰ কেইজন হৈছে ক্ৰমে চাহজাহান মিৰ,মজিবুৰ ৰহমান,চাহিদ উদ্দিন,নমিৰ মহম্মদ ইক্রম, কমৰুল ইছলাম আৰু এগৰাকী মহিলা । লগতে আগন্তুক দিনত আৰু বহুকেইজন সুদখোৰ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি কয় হোজাই জিলাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী বিষয়া পল্লভ তামুলীয়ে ।

লগতে পঢ়ক:অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.