ETV Bharat / state

অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:12 PM IST

Arrested on bribery charges : দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক মমতাজ বেগমৰ ঘৰত অভিযান ৷ উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল মমতাজ বেগম ৷

Arrested on bribery charges
উৎকোচ লৈ গ্ৰেপ্তাৰ পেঞ্চন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক মমতাজ বেগমৰ ঘৰত অভিযান ৷ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে এই অভিযান ৷ মমতাজৰ ভেটাপাৰাৰ ভাৰাঘৰ আৰু হাতীগড়ৰ ঘৰত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে অভিযান ৷ অভিযানকাৰীৰ দলটোৱে মমতাজৰ ঘৰৰ পৰা কেইবাটাও বেংক পাছবুক আৰু ইঞ্চুৰেঞ্চ পলিচি জব্দ কৰিছে ৷ লগতে ভূমিৰ নথিও জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছিল পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক মমতাজ বেগম ৷ 20 হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল মমতাজ বেগম ৷ গোলাঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক অতুল চন্দ্ৰ হাজৰিকাৰ পৰা লৈছিল উৎকোচ ৷ পেন্সনৰ ধন মুকলোৱাৰ নামত হাজৰিকাৰ পৰা উৎকোচ লৈছিল মমতাজে ৷ লগতে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল হানিফ আহমেদ নামৰ আন এজন শিক্ষক ৷ হানিফ আহমেদে পেন্সনৰ কাম কৰি দিয়াৰ নামত দালালি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

উল্লেখ্য যে ফাইল মোকলাই দিয়াৰ নামত উৎকোচ লৈ বৃহস্পতিবাৰে দুর্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছে পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক মমতাজ বেগম আৰু মধ্যভোগী হানিফ আহমেদ ৷ এজন লোকৰ পেন্সনৰ ফাইল মোকলোৱাৰ নামত মমতাজ বেগমে মধ্যভোগী হানিফ আহমেদৰ জৰিয়তে অভিযোগকাৰীৰ পৰা 20 হাজাৰ টকা উৎকোচ দাবী কৰিছিল ৷ শিক্ষকজনে এই সন্দৰ্ভত দুর্নীতি নিবাৰক শাখাৰ কাষ চাপে আৰু সেই মৰ্মে উৎকোচৰ দহ হেজাৰ টকা লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় মমতাজ বেগম আৰু হানিফ আহমেদ ৷

দুর্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখযোগ্য যে পেন্সন সঞ্চালকালয়ত ফাইল মোকলোৱাৰ নামত একাংশ দুর্নীতিগ্ৰস্ত কৰ্মচাৰীয়ে দূৰ দূৰণিৰ পৰা অহা লোকৰ পৰা উৎকোচ লোৱাৰ এনে অভিযোগ সঘনে উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক : লোভত পৰি হেৰুৱালে লাখে-লাখে টকা, শিক্ষকৰ বিৰুদ্ধে যোৰহাটত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.