ETV Bharat / state

লোভত পৰি হেৰুৱালে লাখে-লাখে টকা, শিক্ষকৰ বিৰুদ্ধে যোৰহাটত গোচৰ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 9:59 PM IST

Blackstone App Fraud: সহজে ধন ঘটাৰ লোভত পৰি ৰাজ্যৰ বহুলোকে হেৰুৱালে কষ্টোপাৰ্জিত ধন ৷ কম সময়ত অধিক লাভৰ আশাত বন্দী লোকসকলৰ মূৰত ৰামটোঙোন সোধাই প্ৰৱঞ্চকে লৈ গ’ল অসমৰে পৰা কোটি-কোটি টকা ৷ ইয়াৰ বাবে জগৰীয়া কৰি এগৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে যোৰহাটত ভুক্তভোগীয়ে দাখিল কৰিলে এজাহাৰ ৷

Blackstone App
ব্লেকষ্ট’ন
প্ৰৱঞ্চনাৰ অভিযোগত শিক্ষকৰ বিৰুদ্ধে এজাহাৰ

যোৰহাট, 8 ফেব্ৰুৱাৰী: মাটি-বাৰী, গৰু বিক্ৰী কৰি আৰু সুদলৈ টকা লৈ ব্লেকষ্ট’ন নামৰ অনলাইন এপত ধন বিনিয়োগ কৰি সৰ্বস্বান্ত হ’ল ৰাজ্যৰ হাজাৰ হাজাৰ লোক । অসমত ব্লেকষ্ট’নৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱাৰ অভিযোগ উত্থাপিত হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয় শিক্ষক ৰঞ্জিৎ পেগুৰ বিৰুদ্ধে । ভুক্তভোগী ৰাইজে কলেজ শিক্ষক ৰঞ্জিৎ পেগুৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত দাখিল কৰিলে এজাহাৰ ৷

উল্লেখ্য যে সহজে ধন লাভৰ আশাত আৰু বিভিন্ন প্ৰলোভনৰ কৱলত পৰি ৰাজ্যৰ বহু লোকে নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰিছিল ব্লেকষ্ট’ন নামৰ অনলাইন এপটোত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰো শতাধিক লোকে উক্ত এপত বিনিয়োগ কৰিছিল হাজাৰৰ পৰা লাখটকা পৰ্যন্ত ৷ কিন্তু প্ৰৱঞ্চনাৰ জালত পৰি সৰ্বস্বান্ত হোৱাৰ পিচত কাষ চাপিছে আৰক্ষীৰ, গোচৰ তৰিছে ধন বিনিয়োগ কৰিবলৈ গ্ৰাহকক প্ৰলোভিত কৰাৰ অভিযোগত অভিযুক্ত কলেজ শিক্ষক ৰঞ্জিৎ পেগুৰ বিৰুদ্ধে ।

যোৰহাট সদৰ থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰি ভুক্তভোগীসকলে কয় যে ৰঞ্জিৎ পেগুৱে অধিক ধনৰ লোভ দেখুওৱাৰ বাবে তেওঁলোকে ব্লেকষ্ট’ন নামৰ এপটোত ধন বিনিয়োগ কৰিছিল ৷ এইক্ষেত্ৰত ৰঞ্জিৎ পেগু নামৰ শিক্ষকগৰাকীয়ে লোকসকলক উৎসাহ দিয়াৰ উপৰিও বিভিন্ন ঠাইত এপ্লিকেশ্যনটোৰ সম্পৰ্কে প্ৰচাৰ চলাইছিল বুলিও অভিযোগ উত্থাপন কৰে প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে ৷

তাপৰ্যপূৰ্ণ যে অধিক ধনৰ লালসাত পৰি একাংশ লোকে মাটি-বাৰী, গৰু বিক্ৰী কৰিও ব্লেকষ্ট’ন এপ্লিকেশ্যনটোত টকা বিনিয়োগ কৰিছিল । কিন্তু প্ৰথম অৱস্থাত লোকসকলক আকৰ্ষণৰ বাবে কিছু লাভ দিছিল যদিও শেহতীয়াকৈ প্ৰৱঞ্চকে এপ্লিকেশ্যনটো বন্ধ কৰি সমুদায় ধন লুটি লৈ যায় ৷

লগতে পঢ়ক: ব্লেক ষ্ট’নে লুটিলে বহুজনক; সহজ ধনৰ লোভত পৰি হেৰুৱালে মূল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.