ETV Bharat / state

ব্লেক ষ্ট’নে লুটিলে বহুজনক; সহজ ধনৰ লোভত পৰি হেৰুৱালে মূল

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:21 PM IST

Updated : Feb 8, 2024, 7:47 PM IST

black stone mobile app
FIR against black stone

Black stone mobile app: প্ৰথমে 1000 টকাত নিতৌ 100 ৰ পৰা 200 টকাকৈ লাভ পোৱাৰ প্ৰলোভন ৷ হঠাৎ সহজ ধন লাভৰ এই জালখন বিয়পি গ’ল মানুহৰ ম’বাইলে ম’বাইলে ৷ সকলোৱে আৰম্ভ কৰিলে বিনিয়োগ ৷ টকাও পালে ৷ কিন্তু হঠাৎ টকাৰ উৎসটোৱেই নোহোৱা হৈ গ’ল ৷ সূতে-মূলে সকলো হেৰুৱালে গ্ৰাহকে ৷ এতিয়া মূৰে-কপালে হাত দিছে তেওঁলোকে ৷

সহজ ধনৰ লোভত পৰি হেৰুৱালে মূল

যোৰহাট, 8 ফেব্ৰুৱাৰী: ‘‘লোভেই পাপ পাপেই মৃত্যু’’, এই প্ৰৱচনটোৰ অৰ্থ আপুনি নিশ্চয় জানে ৷ অধিক লোভ কৰি মানুহ কেনেকৈ শেষত লোকচানৰ মুখামুখি হয়, তাৰ উদাহৰণ দিব পৰাকৈ দুই এটা ঘটনাৰ বিষয়ে আপুনিও হয়তো জ্ঞাত ৷ তেনে এক ঘটনাই সংঘটিত হৈছে এইসকল লোকৰ সৈতে ৷ সহজ ধন ঘটাৰ লালসাত পৰি মূল হেৰুৱাই এতিয়া উৱাদিহ নোপোৱা হৈছে এওঁলোকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এটা ম’বাইল এপৰ দ্বাৰা সহজে বহুত ধন ঘটাৰ সপোন দেখিছিল তেওঁলোকে ৷ মনতে হয়তো ভাবিছিল ইমান সহজে টকা পালে বেলেগ আৰু কি লাগে ? পিচে ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি, ধনী হোৱাৰ আশাৰে তেওঁলোকে যি ধন বিনিয়োগ কৰিছিল সেয়াও এতিয়া হেৰুৱাব লগীয়া হৈছে ৷

‘ব্লেক ষ্টন’ নামৰ এটা অন লাইন এপৰ জৰিয়তে ধন উপাৰ্জনৰ লালসাত বন্দী হৈছিল এইসকল লোক ৷ প্ৰথমে ম’বাইল প্লে’ ষ্ট’ৰৰ পৰা ‘ব্লেক ষ্ট’ন’ নামৰ এপটো ডাউনলোড কৰিবলৈ কোৱা হৈছিল তেওঁলোকক ৷ তাৰ পিচত ম’বাইল নম্বৰযোগে লাভ কৰা অ’ টি পিসহ পঞ্জীয়ন কৰি 600 ৰ পৰা 10 হাজাৰ টকা পৰ্যন্ত জমা কৰিবলৈ দিয়া হৈছিল ৷ যাৰ পৰা এজন গ্ৰাহকে নিতৌ 100 ৰ পৰা 500 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব বুলি লোভ দেখুৱাইছিল প্ৰৱঞ্চকে ৷

এপটোৰ দ্বাৰা 600 টকা জমা কৰি 50/60 টকা আৰু 1000 টকাত 120 ৰ পৰা 150 টকা আৰু 2000 টকাত 200 ৰ পৰা 250 টকাকৈ প্ৰথমে লাভ কৰিছিল গ্ৰাহকসকলে ৷ ফলত এপটোত অধিক বিনিয়োগ কৰিবলৈ ধৰে তেওঁলোকে ৷ কিন্তু কিছুদিন সুন্দৰকৈ চলি থকাৰ পিচত হঠাতে এপটো বন্ধ কৰি দিয়া হ’ল ৷ গ্ৰাহকে লাভৰ অংশটো বাদেই জমা কৰা মূলধনো উলিয়াব নোৱৰা হ’ল এপটোৰ পৰা ৷

এপটো হঠাৎ বন্ধ কৰি দিয়াৰ ফলত এতিয়া হাহাকাৰ কৰিছে গ্ৰাহকসকলে ৷ যিসকলে ধন বিনিয়োগ কৰিছিল তেওঁলোকৰ সমস্ত ধন লুটিলে প্ৰৱঞ্চকে ৷ এপটোৰ প্ৰসাৰত যোৰহাট বাহনা মহাবিদ্যালয়ৰ এগৰাকী প্ৰৱক্তাই উদ্যোগ লোৱা বুলি অভিযোগ উঠিছে ৷ ইতিমধ্যে ভুক্তভোগীয়ে ভোগদৈ থানাত দাখিল কৰিছে এজাহাৰ ৷

লগতে পঢ়ক: চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকে স্থানপ্ৰাপ্তৰ ব্যৱস্থা: শিক্ষামন্ত্ৰী

Last Updated :Feb 8, 2024, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.